• থলুৱা প্ৰজাতিৰ ধানৰ বীজ ফিলিপাইনছলৈ

    আঞ্চলিক
    থলুৱা প্ৰজাতিৰ ধানৰ বীজ ফিলিপাইনছলৈ

    জামুগুৰিহাট: ৰাজ্যৰ কৃষিখণ্ডলৈ আহিছে সুখবৰ৷ থলুৱা প্ৰজাতিৰ ধানৰ বীজ ৰপ্তানি হ’ব ফিলিপাইনছলৈ। অধিক উৎপাদনক্ষম কৰি পুনৰ ৰাজ্যৰ কৃষকৰ বাবে এই বীজ উভতাই পঠাব ফিলিপাইনছৰ আন্তঃৰাষ্টীয় ধান গৱেষণা কেন্দ্ৰই।

    ৰাজ্যৰ কৃষকসকলৰ ধানৰ উৎপাদন অধিক বৃদ্ধি আৰু লাভান্বিত কৰাৰ উদ্দেশ্যৰে এই ব্যৱস্থা কৰা হৈছে৷

    জামুগুৰিহাটৰ শ্যামল ফাৰ্মাছ প্ৰডিউছাৰ কোম্পানী লিমিটেড আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত ১০টা থলুৱা প্ৰজাতিৰ শালি ধানৰ কঠিয়া পৃথকে পৃথকে ৰোপন কৰি সেই বীজসমূহৰ ভিতৰত কোনটো জাতৰপৰা অধিক উৎপাদন লাভ কৰিব পাৰি তাৰ ওপৰত পৰীক্ষামূলক খেতিৰ বাবে জামুগুৰিহাটৰ পথাৰত ভূঁই ৰুই আৰম্ভ কৰিছে খেতি।