ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াৰ একাংশ অনুৰাগীৰ বাবে তেওঁ এগৰাকী ছুপাৰ ক’প। দেখাই-শুনাই, কামে-কাজে তেওঁ চৰ্চাত আছে দীৰ্ঘসময়ৰ পৰা। নতুন চৰকাৰে দায়িত্বভাৰ গ্ৰহণৰ পাছতেই তেওঁ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত ন্যস্ত হৈছিল। তাৰ পাছৰে পৰা তেওঁৰ নায়কোচিত কাম-কাজে বিশেষ চৰ্চা লাভ কৰি আহিছে। শেহতীয়াকৈ তেওঁ পুনৰ চৰ্চালৈ আহিছে। নিয়মভংগকাৰী আৰক্ষীৰ লোকৰ বিৰুদ্ধে হুংকাৰ দি সংবাদ শীৰ্ষলৈ আহিছে ছুপাৰ ক’প আনন্দ মিশ্ৰ। ঘটনাটো আছিল এনেধৰণৰ, আৰক্ষীৰ নামত দালালি কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ শনিবাৰে কৰিছিল এজন লোকক৷ নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালিৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছিল ইছফাকুৰ ৰহমান নামৰ এজন যুৱকক। দীৰ্ঘদিন ধৰি ইছফাকুৰৰ বিৰুদ্ধে বটদ্ৰৱা থানাত দালালি কৰাৰ অভিযোগ উঠি আহিছিল।
এইকথা দৃষ্টিগোচৰ হোৱাৰ লগে লগে তৎপৰ হৈ পৰিল আনন্দ মিশ্ৰ। তেওঁৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হ’ল ইছফাকুৰক। আৰক্ষীৰ তালাচীত ইছফাকুৰৰ ঘৰৰ পৰা জব্দ কৰা হ’ল ১৫০খনকৈ কেছ ডায়েৰী। তাৰ পাছতে নিজৰ আপোচহীন মেজাজত দেখা গ’ল ছুপাৰ ক’প আনন্দ মিশ্ৰক। তেওঁৰ বুজিবলৈ সময় নালাগিল যে, ইছফাকুৰৰ দৰে অপৰাধী কাৰ ছত্ৰছায়াত লালিত-পালিত হৈছে! কাৰ পৃষ্ঠপোষকতা আৰু প্ৰশ্ৰয়ত এইসকল দালালে চলাইছে নিজৰ বেহা। লগে লগে কঠোৰ সতৰ্কবাণী দিলে আইপিএছ মিশ্ৰই। সাৰি যাবলৈ দিয়া নহ’ব কাকো। নগাঁও আৰক্ষীৰ অতিথিশালাত এখন সংবাদমেলত তেওঁ মুকলিকৈ হুংকাৰ দিলে, ‘ইছফাকুৰৰ দুষ্কাৰ্যৰ লগত জড়িত নগাঁও আৰক্ষীৰ বিষয়া-কৰ্মীকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। আৰক্ষীৰ চাকৰি ধন ঘটাৰ বাবে নহয়। ধন ঘটিবলৈ মন থাকিলে ব্যৱসায় কৰক। আৰক্ষীৰ পোছাকত সমাজৰ অপৰাধীৰ তেজৰ দাগৰ বাহিৰে আন দাগে শোভা নাপায়।’ এনে আপোচহীন মেজাজেৰে অপৰাধীৰ মূৰৰ কামোৰণিত পৰিণত হোৱা তথা সমাজৰ ন্যায়কাংক্ষী মানুহখিনিৰ প্ৰিয়পাত্ৰ হৈ পৰা আনন্দ মিশ্ৰই নিজৰ ভাৱমূৰ্তি পুনৰ উজ্জ্বল কৰি তুলিলে। অৱশ্যে তেওঁ কোৱাৰ দৰেই হাতে-কামে আৰক্ষী বিভাগক কলংকমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে নে নাই সেয়া সময়েহে প্ৰমাণ কৰিব। কিন্তু তেওঁৰ এই স্থিতিয়ে দালালৰ পৃষ্ঠপোষক আৰক্ষীৰ লোকৰ ঘুমটি যে হৰণ কৰিছে সেয়া নিশ্চিত।
Leave A Comment