• দালালৰ সহযোগত চৰকাৰী ভূমিত এমাহৰ ভিতৰতে গাঁও! জড়িত লাট মণ্ডলো

    আঞ্চলিক
    দালালৰ সহযোগত চৰকাৰী ভূমিত এমাহৰ ভিতৰতে গাঁও! জড়িত লাট মণ্ডলো

    নগাঁওঃ দেশজুৰি চৰ্চিত দৰঙৰ ঢলপুৰ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এক ভূমি বেদখলৰ খবৰ পোহৰলৈ আহিছে। আমালৈ অহা খবৰ অনুসৰি, নগাঁও চহৰৰ সমীপৱৰ্তী শিয়ালমাৰীত চৰকাৰী ভূমি বেদখল কৰি মাত্ৰ এমাহৰ ভিতৰতে গঢ়ি উঠিছে এখন সম্পূৰ্ণ গাঁও। শিয়ালমাৰীৰ কলং নৈৰ চাপৰিত চৰকাৰী ভূমি বেদখল কৰি কেইবাটাও পৰিয়ালে নিৰ্মাণ কৰিছে তৰ্জা-বেৰৰ ঘৰ। জানিব পৰামতে, আজিৰেপৰা এমাহ পূৰ্বে জিলা প্ৰশাসনে ফাঁচী ৰোডত অবৈধভাৱে বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰা বহু সন্দেহযুক্ত লোকক উচ্ছেদ কৰিছিল।





    আৰু পঢ়িব পাৰিব : টে’ট উত্তীৰ্ণৰ ভুৱা প্ৰমাণ-পত্ৰৰে চাকৰি পোৱাৰ অভিযোগ : আটক ১০ শিক্ষকক





    এই উচ্ছেদিত লোকসকলেই বিগত ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত শিয়ালমাৰীৰ চৰকাৰী ভূমি দখল কৰি পুনৰ সাঁজিছে বাসগৃহ। ছাইকুল আৰু হাছেম নামৰ দুজন মাটিৰ দালালে প্ৰতিটো পৰিয়ালৰে পৰা ৫০হাজাৰ টকাকৈ লৈ এই ঠাইত ঘৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়াৰ কথাও সাংবাদিকক জনালে পৰিয়ালকেইটাই। ইতিমধ্যে কেইবাটাও পৰিয়ালে কলং নৈৰ চাপৰিৰ চৰকাৰী ভূমি দখল কৰি মাত্ৰ এমাহৰ ভিতৰতে এখন গাঁও নিৰ্মাণ কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে নগাঁৱৰ স্থানীয় ৰাইজক। ছাইকুল আৰু হাছেমক এজন লাট মণ্ডলেও সহায় কৰাৰ কথা স্থানীয় ৰাইজে অভিযোগ তুলিছে।





    আৰু পঢ়িব পাৰিব : সন্ধানহীন ডিমাকুছিৰ যুৱক, ক’লৈ গৈ হ’ল নিৰুদ্দিষ্ট?





    ইপিনে যি সময়ত, বেদখলকাৰী আৰু মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ ভূমিকা লোৱাৰ নিৰ্দেশ দিছে, সেইসময়তে নগাঁও চহৰৰ নিচেই ওচৰতে এইদৰে সন্দেহযুক্ত লোকে বিঘাই বিঘাই চৰকাৰী ভূমি দখল কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চৰকাৰী ভূমি বেদখল কৰি মাহটোৰ ভিতৰতে গাঁও নিৰ্মাণ কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইয়ো। শিয়ালমাৰীত নতুনকৈ গাঁও স্থাপন কৰা লোকসকলে পূৰ্বে নগাঁও চহৰৰ ফাঁচী ৰোডত চৰকাৰী ভূমি বেদখল কৰি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাইছিল বুলি অভিযোগ কৰিছে একাংশই।