• দাৰ ঘাপত প্ৰাণ গ’ল যুৱকৰঃ তদন্ত অব্যাহত

    আঞ্চলিক
    দাৰ ঘাপত প্ৰাণ গ’ল যুৱকৰঃ তদন্ত অব্যাহত

    বাকসা: বাকসাৰ তামুলপুৰৰ কাউলী নাৰায়ণপুৰত নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা৷ দুৰ্বৃত্তই ৰাজপথতে দাৰে ঘপিয়াই হত্যা কৰে দয়াল দাস (২০) নামৰ এজন যুৱকক৷ জানিব পৰা মতে, নিশা দয়াল দাস নামৰ যুৱকজনে একে গাঁৱৰে নিজৰ ভিনিহিয়েক ৰতন বিশ্বাসৰ ঘৰত গৈছিল৷





    নিশাৰ আহাৰ গ্ৰহণ কৰি কিছু দূৰত থকা নিজৰ ঘৰলৈকে আহি থাকোতে কোনো দুৰ্বৃত্তই দাৰে ঘপিয়াই দয়াল দাসক। হত্যাকাণ্ড সংঘটিত কৰি নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দুৰ্বৃত্তই৷ নিশা ৰাজপথত মৰণকাতৰ চিঞৰ শুনি গাঁৱৰ মানুহ ওলায় পথৰ ওপৰত এজন যুৱক তেজেৰে লুতুৰিপুতুৰি হৈ পৰি থকা দেখি গাঁওখনত হুৱাদুৱা লাগে৷





    পাছত কুমাৰীকাটা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে৷ আনহাতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷