• দিনে-নিশাই গুলীৰ শব্দ: কৰুণ মৃত্যুক সাবটিলে গজৰাজে

    আঞ্চলিক
    দিনে-নিশাই গুলীৰ শব্দ: কৰুণ মৃত্যুক সাবটিলে গজৰাজে

    ডিজিটেল ডেস্ক : গুলীৰ শব্দত নিদ্ৰাহৰণ নুমলীগড়বাসীৰ৷ দীৰ্ঘদিনে নুমলীগড় অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱে অঞ্চলবাসীক উপদ্ৰৱৰ সৃষ্টি কৰি আহিছে৷ যিকোনো সময়তে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে এফাৰ পৰা মহতিয়াই নিয়ে ঘৰ-দুৱাৰ, খেতি-পথাৰো৷ কেতিয়াবা জাক বান্ধি, কেতিয়াবা আকৌ অকলেই তাণ্ডৱ চলাই বন্যহস্তীয়ে৷ বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱৰ বাবে নুমলীগড়ত এতিয়া যিকোনো সময়তে শুনা যায় বন্দুকৰ গুলীৰ শব্দ। দিনে-নিশাই গুলী ফুটাই হাতী খেদাত ব্যস্ত হৈছে বনকৰ্মীৰ দল।





    অঞ্চলটোত এতিয়া হাতী আৰু মানুহৰ মাজত চলিছে খাদ্য আৰু বাসস্থানৰ বাবে যুঁজ। এফালে মানুহ আৰু আনফালে বনৰীয়া হাতী। খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তী আৰু মানুহক নিৰাপত্তা দিবলৈ বনকর্মীয়ে চলাইছে চলাইছে গুলী। শেহতীয়াকৈ গোলাঘাট জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বনাঞ্চলত খাদ্যৰ অভাৱৰ বাবে দৈনিক খাদ্যৰ সন্ধানত বন্যহস্তীয়ে জনাঞ্চললৈ ওলাই আহি চলাইছে ত্ৰাস। বন্যহস্তীৰ জাকে দিনে-নিশাই এফালৰ পৰা খাই গচকী তহিলং কৰিছে কৃষকৰ খেতি পথাৰ। উপায়ন্তৰ হৈ বন কৰ্মীৰ দলে গুলী ফুটাই প্ৰতিদিনে বন্যহস্তীৰ জাকক বনাঞ্চলৰ মাজলৈ আঁতৰাই পঠাবলৈ চেষ্টা কৰিছে।





    ইপিনে আকৌ কামপুৰতো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ৷ হাতীৰ বৃহৎ জাকে তহিলং কৰিছে খেতিপথাৰ৷ পটীয়াপামত ধান, কুঁহিয়াৰ খেতিত উপদ্ৰৱ চলাই হাতীৰ জাকটোৱে৷ জাকটোত শতাধিক হাতী আছে বুলি জানিব পৰা গৈছে৷ নিশা জুই জ্বলাই, টিন বজাই হাতী খেদাৰ চেষ্টা চলাইছে গঞাই৷ আজি পুৱা কপিলী পাৰ হৈ জাকটোৱে জংঘলত অৱস্থান লৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷





    আনহাতে, গোৱালপাৰাৰ লক্ষীপুৰতো বিদ্যুৎস্পৃষ্ট হৈ এটা বন্যহস্তীৰ কৰুণ মৃত্যু হয়৷ গোৱালগুলি গাঁৱত নিশা ঘটনা এই শোকাৱহ ঘটনাৰ পাছতে ঘটনাস্থলীত উদ্ধাৰ হয় বিদ্যুতৰ তাঁৰ, হেল’জেন বাল্ব৷