• দিন দুপৰতে দুৰ্বৃত্তই লুটি নিলে ৩৫লাখ টকা

    আঞ্চলিক
    দিন দুপৰতে দুৰ্বৃত্তই লুটি নিলে ৩৫লাখ টকা

    গুৱাহাটী : মহানগৰীৰ ফটাশিলত আজি সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা৷ দুৰ্বৃত্তই ফটাশিলৰ HDFC বেংকৰ সন্মুখৰপৰা লুটি নিলে নগদ ৩৫ লাখ টকা৷ এখন ইন'ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি৷ গাড়ীখনৰ নম্বৰ AS-01 DU 0003৷






    উল্লেখ্য যে, গাড়ীখনত আছিল ৪০ লাখ টকা। দুৰ্বৃত্তই কাঢ়ি নিয়াৰ সময়ত গাড়ীৰ ভিতৰতে ৫ লাখ টকা পৰি যায়৷ টকাখিনি আছিল ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ। পাণবজাৰৰ SBI আৰু বেংক অব বৰোডাৰ পৰা টকাখিনি উলিয়াই আনিছিল তেওঁৰ ড্ৰাইভাৰ আৰু এজন কৰ্মচাৰীয়ে৷





    এখন ক’লা ৰঙৰ পালচাৰ বাইকত অহা দুজনীয়া ডকাইতৰ দলটোৱে এই কাণ্ড সংঘটিত কৰে৷ ড্ৰাইভাৰজনে ধৰিবলৈ চেষ্টা কৰিছিল যদিও দুই দুৰ্বৃত্তই ড্ৰাইভাৰজনক আক্ৰমণৰ চেষ্টা চলায়৷ ঘটনা সন্দৰ্ভত সোধ-পোছৰ বাবে ফটাশিল আৰক্ষীয়ে আটক কৰিছে ড্ৰাইভাৰজনক৷