• দিল্লীত ক'ভিড আক্ৰান্ত হৈ অসমীয়া সাংবাদিকৰ মৃত্যু

    আঞ্চলিক
    দিল্লীত ক'ভিড আক্ৰান্ত হৈ অসমীয়া সাংবাদিকৰ মৃত্যু

    গুৱাহাটী : দিল্লীস্থ অসমীয়া সাংবাদিক নীলাক্ষী ভট্টাচাৰ্যৰ আজি পুৱা ক'ভিড আক্ৰান্ত হৈ দিল্লীৰ প্ৰতীক্ষা হাস্পতালত মৃত্যু হয়। টাইমছ অব ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নীলাক্ষীৰ স্বামী কল্যাণ বৰুৱাও ক'ভিড আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে বুলি জানিব পৰা গৈছে। কল্যাণ বৰুৱা দ্য আছাম ট্ৰিবিউন কাকতৰ দিল্লীৰ ব্যুৰো চীফ।





    আৰু পঢ়িব পাৰিব : ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰংচাই বজাৰ !






    প্ৰয়াত সাংবাদিক নীলাক্ষী পৰ্বতাৰোহী ৰূপেও সমাদৃত হৈছিল। তেওঁ হিমালয়ৰ বিভিন্ন প্ৰান্তলৈ কেইবাটাও অভিযানত অংশ লৈছিল। গুৱাহাটীৰ দুঃসাহসিক ক্ৰীড়া সংগঠন Explorersৰ প্ৰতিষ্ঠাপক সদস্য নীলাক্ষীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।





    আৰু পঢ়িব পাৰিব : ৯৫বছৰীয়া সহধৰ্মিনী সহিতে ক’ভিড জয় ১০৫বছৰীয়া বৃদ্ধৰ…






    সাংবাদিকগৰাকীয়ে স্বামী কল্যাণ বৰুৱা আৰু একমাত্ৰ কন্যাক এৰি থৈ গৈছে৷ Explorers এ নীলাক্ষী বৰুৱাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।