• দিল্লীত কৰ'নাত আক্ৰান্ত হৈ মৃত্যু অসমীয়া চিকিৎসকৰ

    আঞ্চলিক
    দিল্লীত কৰ'নাত আক্ৰান্ত হৈ মৃত্যু অসমীয়া চিকিৎসকৰ

    নগাঁও : দিল্লীৰ নিবাসী অসমীয়া চিকিৎসক ডা: ডিম্বেশ্বৰ বৰা (৭০) ক'ভিড-১৯ ৰোগত আক্ৰান্ত হৈ ২৯ এপ্ৰিলৰ নিশা মৃত্যু ঘটে। তেওঁৰ পত্নী ডা: বিমলা বৰাও সম্প্ৰতি ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। মৃত্যুৰ সময়ত চিকিৎসক বৰাই এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ যায়।





    আৰু পঢ়িব পাৰিব অসাধাৰণ ঘটনা : এখন বিমানে মাত্ৰ এজন যাত্ৰীলৈ উৰা মাৰে ৪,০০০ কিলোমিটাৰ





    নগাঁও জিলাৰ শালনাত জন্মগ্ৰহণ কৰাৰ পাছত নগাঁও চহৰৰ পানীগাঁৱত থাকি ডিম্বেশ্বৰ বৰাই ১৯৬৭চনত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী মেডিকেল কলেজৰ পৰা স্নাতক ডিগ্ৰী (এম,বি,বি,এচ) লাভ কৰে। ইয়াৰ পৰৱৰ্তী কালত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যোগদান কৰি সংক্ৰামক ৰোগ নিৰ্মুল কৰণত সুখ্যাতি অৰ্জন কৰে।





    আৰু পঢ়িব পাৰিব মৰাণত দিন-দুপৰতে লোমহৰ্ষক হত্যাকাণ্ড!





    বিশেষকৈ ভাৰতৰ পৰা চিকুনগুনীয়া ৰোগ নিৰ্মূল কৰণত তেওঁৰ অৰিহণা লেখত লবলগীয়া আছিল। তেওঁৰ মৃত্যুত নগাঁও তথা দিল্লী নিবাসী অসমীয়া লোক সকলৰ মাজত শোকৰ ছাঁ পৰে। তেওঁৰ গুণমুগ্ধসকলে বিদেহ আত্মাৰ সদগতি কামনা কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।