• দিল্লীৰ পৰা মাজুলীলৈ ৰাওনা মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    আঞ্চলিক
    দিল্লীৰ পৰা মাজুলীলৈ ৰাওনা মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    নতুন দিল্লী : মাজুলী দুৰ্ঘটনাৰ পাছতে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে মাজুলীৰ ঘটনা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল৷ নতুন দিল্লীত থকা মন্ত্ৰী সোণোৱালে মাজুলীলৈ আহিব বুলি জানিব পৰা গৈছে৷





    ইতিমধ্যেই দিল্লীৰ পৰা ৰাওনা হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুকুৰবাৰে ৰাতিপুৱাই মাজুলী অভিমুখে ৰাওনা হ'ব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। এই ঘটনাৰ সঘনে অসম চৰকাৰৰ লগত যোগাযোগ কৰি পৰিস্থিতিৰ বুজ লৈ আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।





    ইপিনে শুকুৰবাৰে তেখেতৰ সকলো কাৰ্য্যসূচী পিছুৱাই দিয়া হৈছে বুলি জানিব পৰা গৈছে৷ মাজুলীত আজি পুৱাৰে পৰা বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে দল-সংগঠনে৷