ৰাষ্ট্ৰীয়
গুৱাহাটী : দীঘলী পুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যু ঘটা ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে সমগ্ৰ মহানগৰীত৷ পুৱাৰ ভাগত মৃত্যুৰ কাৰণ জানিব পৰা নাছিল৷ কিন্তু ইতিমধ্যে মাছৰ মৃত্যুৰ কাৰণ জানিবলৈ পোৱা গৈছে৷ প্ৰাগ নিউজৰ আগত মীন বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মা আৰু সঞ্জয় শৰ্মাই মাছৰ মৃত্যু হোৱাৰ কাৰণ অৱগত কৰে৷ পানীত দ্ৰবীভূত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ বাবে মৃত্যু ঘটিছে দীঘলীপুখুৰীৰ মাছ৷ ৫পিপিএম পৰা ১০পিপিএমৰ লৈকে অক্সিজেন থাকিব লাগে৷ য'ত পৰীক্ষাত ধৰা পৰিছে ঐতিহ্যমণ্ডিত পুখুৰীটোৰ পানীত আছে কেৱল মাত্ৰ ২ পিপিএম অক্সিজেন। যাৰ বাবে অনাকাংক্ষিতভাৱে মৃত্যুমুখত পৰিছে মাছবোৰ৷
আনহাতে, বিষয়া দুগৰাকীয়ে আশ্বাস দিয়ে যে দীঘলী পুখুৰীত এতিয়া অক্সিজেনৰ মাত্ৰা বঢ়োৱা হৈছে৷ এতিয়াৰেপৰা আৰু মাছ মৃত্যুমুখত নপৰে৷ বহুদিন ধৰি দীঘলীপুখুৰীৰ বাবে কোনো কাৰ্যসূচী হাতত লোৱা নাই যাৰ বাবে বন্ধ হৈ আছে পুখৰীটোৰ চাফাই অভিয়ানো৷ যাৰ বাবে মৰিছে মাছসমূহ৷ ৬ মাহ বা ১ বছৰ ধৰি এবছৰ ধৰি ইয়াৰ পানী আন্দোলিত হোৱা নাই। লগতে ডাঙৰ মাছসমূহ ইয়াৰ পৰা লৈ যোৱাৰ কথা উল্লেখ কৰে। মীন বিভাগৰ লোকে মৰা মিছখিনি পানীৰ পৰা বামলৈ উদ্ধাৰ কৰে৷ পানীত অক্সিজেনৰ পৰিমাণ কমাৰ বাবে SDRF বাহিনীৰ দুখন নাও চলাই পানী আন্দোলিত কৰা হয়৷ ৰৌ, ভকোৱা, মিকা বাহুকে ধৰি বিভিন্নধৰণৰ মাছৰ মৃত্যু হৈছে৷ প্ৰায় ১৮০ৰ পৰা ২০০ কেজি পৰ্যন্ত মাছৰ মৃত্যু হৈছে৷ আনহাতে ১ৰ পৰা ৬ কেজি ওজন মাছৰ মৃত্যু হৈছে৷
Leave A Comment