• দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান! চিকিৎসালয়ৰ পৰা মুকলি কিংবদন্তি ফুটবলাৰ পেলে

    আঞ্চলিক
    দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান! চিকিৎসালয়ৰ পৰা মুকলি কিংবদন্তি ফুটবলাৰ পেলে

    ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত চিকিৎসালয়ৰ পৰা মুকলি হ’ল ব্রাজিলৰ কিংবদন্তি ফুটবলাৰ পেলে৷ প্রায় এমাহ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্রাক্তন ফুটবলাৰগৰাকী৷ কর্কট ৰোগত আক্রান্ত হৈ আছে ৮০ বছৰীয়া পেলে৷ পেলেৰ দুভৰিৰ যাদুকৰী ছন্দত ১৯৫৮ত ব্রাজিলে প্রথমবাৰৰ বাবে বিশ্বকাপ জয়ৰ সোৱাদ লবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছত তেওঁ ১৯৬২ আৰু ১৯৭০ত ব্রাজিলৰ হৈ পুনৰ বিশ্বকাপ জয়ত মুখ্য ভূমিকা পালন কৰিছিল৷









    সকলোৰে মৰমৰ এই বিশ্বখ্যাত ফুটবলাৰগৰাকীক যোৱা ৩১ আগষ্টত ছাও পাওলোৰ এলবার্ট আইনষ্টাইন হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ যোৱা ৪ ছেপ্টেম্বৰত পেলেৰ এক অস্ত্রোপচাৰ সম্পন্ন হৈছিল আৰু ইয়াৰ পিছতে চিকিৎসালয়ত চিকিৎসকৰ তত্বাৱধানত থকা পেলেক অৱশেষত ঘৰলৈ যোৱাৰ অনুমতি দিয়ে৷ অৱশ্যে চিকিৎসকৰ তত্ত্বাৱধানত বর্ষীয়ান ফুটবলাৰগৰাকীক ঘৰত কেমোথেৰাপী দি থকা হ’ব৷ তিনিবাৰৰ বিশ্বকাপ বিজয়ী বিশ্বৰ একমাত্র ফুটবলাৰ পেলেৰ আশু আৰোগ্য কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেওঁৰ লাখ লাখ অনুৰাগীয়ে৷