কাছাৰ: শিলচৰত দুই কিন্নৰ দলৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এজন বাংলাদেশী কিন্নৰে আন এজন কিন্নৰক ঘৰতে আটক কৰি মাৰধৰ কৰাৰ লগতে অশ্লীল ভিডিঅ’ বনোৱাৰ অভিযোগ উত্থাপিত হৈছে।
শিলচৰ সদৰ থানাত মামলা বাংলাদেশী কিন্নৰ নন্দিনীৰ বিৰুদ্ধে উঠা অভিযোগ মতে নিশা নামৰ কিন্নৰজনক শিলচৰ ৰে’ল ষ্টেচনৰ পৰা অপহৰণ কৰি নি শিলচৰৰ ৰংপুৰত নিজ ঘৰতে আটক কৰি ৰাখে৷ ইয়াৰ পাছতে নিশাক ঘৰত বন্দী কৰি মাৰপিট কৰাৰ লগতে অশ্লীল ভিডিঅ’ বনোৱাই অত্যাচাৰ চলাই আহিছিল নন্দিনীয়ে৷
ইয়াৰ উপৰি নিশাক প্ৰাণেমৰাৰ ভাবুকি দিছিল নন্দিনীয়ে। বৃহস্পতিবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিন্নৰসকল শিলচৰত একত্ৰিত হৈ বাংলাদেশী কিন্নৰজনৰ পৰা নিশা নামৰ কিন্নৰজনক উদ্ধাৰ কৰি শিলচৰ সদৰ থানাত নন্দিনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷
Leave A Comment