• দুই মহিলা বিষয়াৰ অহোপুৰুষাৰ্থ, অভিযানত জব্দ বৃহৎ পৰিমাণৰ কাঠ

    আঞ্চলিক
    দুই মহিলা বিষয়াৰ অহোপুৰুষাৰ্থ, অভিযানত জব্দ বৃহৎ পৰিমাণৰ কাঠ

    ডিগবৈঃ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি অবাধ বনধ্বংস যজ্ঞ চলি থকাৰ সময়তে আজি এক গোপন সূত্ৰ পম খেদি বন প্ৰাধিকাৰী কাৰ্যালয়ৰ পৰা তিনি কিলোমিটাৰ নিলগৰ ডিগবৈ- ডুলিয়াজান পথৰ বালিজান খিষ্টানবস্তি অঞ্চলত অজিত গগৈকে ধৰি কেইবাটাও পৰিয়ালত অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে। বন বিভাগৰ সৰ্বভাৰতীয় বন বিষয়া ডিগবৈৰ সহকাৰী বন সংৰক্ষক কস্তুৰী প্ৰশান্ত শূল আৰু চি আৰ পি এফৰ সহকাৰী অধিনায়ক বাবলি কুচৱাহাৰ নেতৃত্বত যোৱা বন বাহিনী, আৰক্ষী বাহিনী আৰু চি আৰ পি এফ বাহিনী বৃহৎ দলে অভিযান চলাই বনাঞ্চলৰ পৰা হাতেফলা কাঠ চোৰাংভাৱে ঘৰত মজুত ৰখা অৱস্থাত জব্দ কৰে।





    ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে এজনক আটক কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত একাংশ অসাধু লোকে বনাঞ্চলৰ ধবংস যজ্ঞ চলাই বহু মূল্যবান গছ কাটি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ উপৰি বন্যপ্ৰাণী বন গাহৰি, পহু আদি চোৰাং চিকাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু এইক্ষেত্ৰত বিয়াগোম ডিগবৈ বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত নহ’ল। বনাঞ্চল ধবংস আৰু বন্যপ্ৰাণী নিধন কৰা অসাধু লোকসকলৰ বিৰুদ্ধে আগন্তুক দিনত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষ্যণীয়!