• দুটাকৈ অক্সিজেন প্লান্ট মুকলি অসম মেডিকেল কলেজত

    আঞ্চলিক
    দুটাকৈ অক্সিজেন প্লান্ট মুকলি অসম মেডিকেল কলেজত

    ডিব্ৰুগড় : ৰাজ্যত কৰ'নাত্ৰাসৰ মাজতে অক্সিজেনৰ নাটনি নহ'বৰ বাবে আজি অসম মেডিকেল কলেজত দুটাকৈ অক্সিজেন প্লান্ট ৰোগীৰ বাবে মুকলি কৰে৷ সমগ্ৰ দেশত অক্সিজেনৰ নাটনি তথা দিল্লীত অক্সিজেনৰ অভাৱত কেইবাজনো ৰোগীৰ শোকাবহ মৃত্যু হোৱাৰ সময়তে এটা ইতিবাচক তথা ভাল খবৰে সকলোৰে বাবে আশাৰ সঞ্চাৰ আনিছে।





    আৰু পঢ়িব পাৰিব : নতুন আইন : কেন্দ্ৰৰ হাতৰ পুতলাত পৰিণত দিল্লীৰ কেজৰিৱাল চৰকাৰ





    অসমতো যাতে অতি মহামাৰী ক'ভিড-১৯ৰ ব্যাপক সংক্ৰমণ হৈ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰিব লগা নহয়, তাৰ বাবে অসম মেডিকেল কলেজ কৰ্তৃপক্ষই নিজাববীয়াকৈ মেডিকেল চৌহদতে উৎপাদন অক্সিজেনৰ। দুটা নতুন অক্সিজেন প্লান্ট আজি অসম মেডিকেল কলেজত আনুষ্ঠানিকভাৱে ৰোগীৰ বাবে মুকলি কৰা হয়।





    আৰু পঢ়িব পাৰিব : মহাৰাষ্ট্ৰৰ হাস্পতালত জুই, চাৰিজন ৰোগী নিহত





    মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ সঞ্জীব কাকতি আৰু অধীক্ষক প্ৰশান্ত দিহিঙীয়াই প্লাণ্ট দুটা মুকলি কৰি প্ৰতিটো প্লান্টে ১০০টাকৈ মুঠ ২০০টা বৃহদাকাৰৰ অক্সিজেন চিলিণ্ডাৰ উৎপাদন কৰিবলৈ সক্ষমতা থকাৰ লগতে চিকিৎসাধীন হৈ থকা প্ৰয়োজনীয় ৰোগীক পাইপলাইনৰে প্ৰত্যক্ষভাবেৱে যোগান ধৰিব পৰা যাব বুলি উল্লেখ কৰে।