• দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাজ্যসমূহৰে গুৰুত্বপূ্ৰ্ণ বৈঠক

    আঞ্চলিক
    দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাজ্যসমূহৰে গুৰুত্বপূ্ৰ্ণ বৈঠক

    গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শ্বিলং ভ্ৰমণ কৰে৷ দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ অহা গৃহমন্ত্ৰী শ্বাহৰ এই ভ্ৰমণকালৰ আজি প্ৰথম দিন। আজি তেওঁ উমিয়ামত এক কাৰ্যসূচীত ভাগ লয়। এই ভ্ৰমণকালত গৃহমন্ত্ৰীগৰাকী মিলিত হয় NEC বৈঠকত৷ North East Space Agencyৰে উন্নয়নৰ পৰ্যালোচনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে৷ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সীমা সুৰক্ষা, ড্ৰাগছ, মানৱ সৰবৰাহ আদি বিষয় সন্দৰ্ভতো তেওঁ আলোচনাত মিলিত হয়৷






    শ্বিলঙৰ নৱ নিৰ্মিত ISBT উদ্বোধন কৰে গৃহমন্ত্ৰীগৰাকীয়ে৷ উত্তৰ পূৱৰ state convention hallত অনুষ্ঠিত হ'ব লগা বৈঠকত উপস্থিত থাকিব উত্তৰ পূৱৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে উচ্চ পদস্থ বিষয়া।






    northeast space application center ত multipurpose conference and exhibition facility মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। এই অনুষ্ঠানত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, অসমৰ বান নিয়ন্ত্ৰণ কৰিবলৈ এতিয়াৰ পৰা সহায় লোৱা হ'ব NESACৰ। লগতে বন সংৰক্ষণৰ বাবেও সহায় লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে৷ উপগ্ৰহৰ সহায়ত অসমে বান নিয়ন্ত্ৰণ তথা বন সংৰক্ষণৰ কাম কৰিব বুলিও তেওঁ সদৰি কৰে।