• দুলীয়াজানত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য

    আঞ্চলিক
    দুলীয়াজানত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য

    দুলীয়াজানঃ ৰাজ্যজুৰি অব্যাহত আছে ভিন্নৰূপী অপৰাধজনিত ঘটনা। দুলীয়াজানত ৰহস্যজনক অৱস্থাত এগৰাকী সন্ধানহীন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। দুলীয়াজানৰ বৰুৱাআলিৰ ১নং উদয়পুৰ অঞ্চলৰ পথাৰৰ মাজত এজোপা গছত ডিঙিত চিপ লৈ থকা অৱস্থান এজন লোকৰ অৰ্ধগলিত মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।





    পৰিয়ালৰ সহযোগত উদ্ধাৰ হোৱা মৃতদেহটো আৰক্ষীয়ে দুলীয়াজানৰ বৰুৱা গ্ৰাণ্ট অঞ্চলৰ ৰামেশ্বৰ শইকীয়া বুলি চিনাক্ত কৰিবলৈ সক্ষম হৈছে। পেছাত শাক-পাচলিৰ ব্যৱসায়ীগৰাকী আঠদিনৰ পূৰ্বে ঘৰৰ পৰা বজাৰলৈ বুলি ওলাই সন্ধানহীন হৈ আছিল।





    শেহতীয়াকৈ আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ‘ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল’লৈ প্ৰেৰণ কৰে। ঘটনা সৰ্ন্দভত দুলীয়াজান আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই!