Regional
গুৱাহাটী : ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনাৰ ঘটনাৰ৷ নাৰায়ণপুৰত দুৰ্ঘটনাত পতিত হয় হুঁচৰি দলৰ বাহন৷ থিতাতেই নিহত হয় দুজন লোক৷ আনহাতে দুৰ্ঘটনাত আহত হৈছে ৩৫জন লোক৷ নিহত দুয়োগৰাকী হ’ল ক্ৰমে পুংখা বসুমতাৰী আৰু কনকলাল নাৰ্জাৰী৷ শিমলুগুৰিৰ চেঁচা দলঙত সংঘটিত হৈছিল এই দুৰ্ঘটনা৷
আৰু পঢ়িব পাৰিব : জামিনত মুকলি হ’ল গণৰাজ্য দিৱসৰ হিংসাত জড়িত সিদ্ধু
শুকুৰবাৰে বিয়লি সংঘটিত হৈছিল এই দুৰ্ঘটনা৷ আহতসকলৰ ৬জনৰ অৱস্থা বৰ্তমান সংকটজনক৷ আহতসকলক গুৱাহাটী, তেজপুৰ, লখিমপুৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ বিহুৰ সময়ত ৰাজ্যৰ কেইবাটাও ঠাইত সংঘটিত হৈছে পথদুৰ্ঘটনা৷ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্ত ভালুকপুঙতো সংঘটিত হৈছে পথদুৰ্ঘটনা।
আৰু পঢ়িব পাৰিব : দেশত কৰ’না সংকট ঘণীভূত, প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ আহ্বান
এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক৷ যুৱকজনৰ নাম ৰিপন বসুমতাৰী৷ এখন ট্ৰেভেলাৰৰ খুন্দাত নিহত হয় যুৱকজন।
Leave A Comment