Regional
ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত আছে দুনীৰ্তি বিৰোধী অভিযান৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীৰ জালত পৰিছে বিষয়া-কৰ্মচাৰী৷ এইবাৰ মহানগৰীৰ গান্ধীবস্তিস্থিত বৰেণ্য ৰঞ্জন বৰঠাকুৰৰ পিতৃৰ বাসগৃহত চলিল দুৰ্নীতি আৰু তদাৰকী শাখাৰ অভিযান৷ আৰু এই অভিযানত দুৰ্নীতি আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে বৰেণ্য ৰঞ্জন বৰঠাকুৰক৷ মহানগৰীৰ কাহিলী পাৰাৰ পৰা গ্ৰেপ্তাৰ হয় বৰঠাকুৰ৷
তথ্য অনুসৰি, বৰঠাকুৰ আইএএছ একাডেমী আৰু বৰঠাকুৰ জেইই-নিট একাডেমীৰ প্ৰতিষ্ঠাপক আছিল দিলীপ বৰঠাকুৰ৷ প্ৰাক্তন আইএএছ বিষয়া দিলীপ বৰঠাকুৰৰ পুত্ৰ বৰেণ্য ৰঞ্জন বৰঠাকুৰ৷ বৰঠাকুৰ আইএএছ একাডেমীৰ সঞ্চালক হিচাপে আত্মপ্ৰকাশ কৰা বৰেণ্যই কোচিং চেণ্টাৰটোত ইতিহাস, আধুনিক ভাৰত, বৈদেশিক পৰিক্ৰমা আদি বিষয়ত পাঠদান কৰিছিল৷ ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিছিল এইগৰাকীৰ দুনীৰ্তিগ্ৰস্ত বিষয়াই৷ উল্লেখ্য যে, ২০১৮ চনত বৰঠাকুৰ আইএএছ একাডেমীৰ কেইবাজনো প্ৰাৰ্থী এপিএচিৰ দ্বাৰা বাছনিভুক্ত হৈছিল৷ দুনীৰ্তিৰ গোচৰত জেললৈ যোৱা সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন সঞ্চালক দিলীপ বৰঠাকুৰৰ পুত্ৰ বৰেণ্য বৰঠাকুৰ ২০১৮ত ৰহস্যজনক ভাৱে এপিএছচিৰ দ্বাৰা বাছনিভুক্ত হৈছিল৷
উল্লেখ্য যে, ৩ দিন পূৰ্বে ভঙাগড়ৰ পৰা হাতে লোটে ধৰা পৰি গ্ৰেপ্তাৰ হৈছিল ঠেলামাৰৰ লাট মণ্ডল গুলজাৰ হুছেইন। এজনৰ পৰা ৮ লাখ টকা দাবী কৰি আগধন হিচাপে ৫০ হাজাৰ টকা উৎকোচ লৈছিল গুলজাৰ হুছেইনে৷ ৫০ হাজাৰ টকা গোচ লৈ গ্ৰেপ্তাৰ হৈছিল গুলজাৰ হুছেইন ৷ গুলজাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত চক্ৰ বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমানেও চক্ৰ বিষয়া গৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ পৰবৰ্তী সময়ত আৰক্ষীৰ জালত পৰিব পাৰে বিষয়া-কৰ্মচাৰী৷
Leave A Comment