comScore
  • দেশলৈ ওভতাত নিষেধাজ্ঞা : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ তাৰকাৰ

    আঞ্চলিক
    দেশলৈ ওভতাত নিষেধাজ্ঞা : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ তাৰকাৰ

    নতুন দিল্লী : ভাৰত বৰ্তমান কৰ'নাৰ অভিকেন্দ্ৰ হৈ পৰিছে। সমগ্ৰ দেশত প্ৰতিদিনে তিনি লাখৰো অধিক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।এনে পৰিপ্ৰেক্ষিতত,অষ্ট্ৰেলিয়াৰ লগতে অইন কেবাখনো দেশে ভাৰতৰ সৈতে যোগাযোগ বন্ধ কৰি দিছে।অষ্ট্ৰেলিয়া চৰকাৰৰ এই সিদ্ধান্তই স্বাভাৱিকতে অসুবিধা পেলাইছে ভাৰতত থকা অষ্ট্ৰেলিয়ানসকলক।





    আৰু পঢ়িব পাৰিব : ইংলেণ্ডত বৃহৎ বিনিয়োগ কৰিব ছিৰাম ইনষ্টিটিউটে






    ইতিমধ্যে অষ্ট্ৰেলিয়া চৰকাৰে ১৫ মে’ পৰ্যন্ত ভাৰতৰ পৰা কোনো লোকে অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে। কোনোবাই যদি এই নিয়ম পালনৰ পৰা বিৰত থাকে তেতিয়া ৫ বছৰপৰ্যন্ত কাৰাবাস খাটিব লাগিব। এই সিদ্ধান্ত ঘোষণা হোৱাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এনে কঠিন সিদ্ধান্তটো এনে সময়ত লোৱা হৈছে যি সময়ত অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ কেইবাগৰাকী খেলুৱৈ আইপিএলৰ বাবে বৰ্তমান ভাৰতত আছে।





    আৰু পঢ়িব পাৰিব : পৰ্যটকৰ বাবে পুনৰ বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান !






    অষ্ট্ৰেলিয়া চৰকাৰৰ এই সিদ্ধান্তত খৰ্গহস্ত প্ৰাক্তন ক্ৰিকেটাৰ মাইকেল শ্লেটাৰ। টুইটাৰযোগে তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচনক তীব্ৰ সমালোচনা কৰিছে। শ্লেটাৰে সদৰি কৰিছে যে, ‘যদি অষ্ট্ৰেলিয়াৰ নাগৰিকসকলৰ প্ৰতি বিন্দুমাত্ৰও সহানুভূতি আছে, তেনেহ’লে তেওঁ আমাক নিজ দেশলৈ উভতি যাবলৈ অনুমতি প্ৰদান কৰক। এয়া এক অপমানজনক পৰিস্থিতি। যদি কিবা অঘটন ঘটে, প্ৰতিকুল কোনো পৰিস্থিতিৰ সৃষ্টি হয়, তাৰবাবে প্ৰধানমন্ত্ৰী নিজে জগৰীয়া হ’ব। আপুনি আমাৰ প্ৰতি এনে ব্যৱহাৰ কৰাৰ সাহস কৰিলে কিদৰে? আমাক আইপিএল টুৰ্নামেন্টত অংশ লোৱাৰ বাবে দেশেৰ চৰকাৰেই অনুমতি দিছিল। এতিয়া চৰকাৰে নিজেই বিমুখ কৰিছে।’


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam