• দেশৰ ভিতৰতে শীৰ্ষস্থান বিশ্বনাথৰ অস্মিতা কাকতিৰ !

    আঞ্চলিক
    দেশৰ ভিতৰতে শীৰ্ষস্থান বিশ্বনাথৰ অস্মিতা কাকতিৰ !

    বিশ্বনাথঃ সদ্যঘোষিত আইচিএছই পাঠ্যক্ৰমৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত বিশ্বনাথ জিলাৰ এগৰাকী ছাত্ৰীয়ে হিউমেনিটী শাখা (কলা শাখা)ত ভাৰতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি জিলা তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। নিজৰ সফলতাৰে সমগ্ৰ বিশ্বনাথৰ লগতে অসমকো গৌৰাম্বিত কৰা ছাত্ৰীগৰাকীৰ নাম আস্মিতা কাকতি। বিশ্বনাথ জিলাৰ ‘বৰগাং চাহ বাগিচা’ৰ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নৱনিতা কাকতিৰ কন্যা আস্মিতা কাকতিয়ে শোণিতপুৰ জিলাৰ ‘বালিপৰাৰ অসম ভেলী স্কুল’ৰ পৰা আইচিএছই পাঠ্যক্ৰমৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কলা শাখাত ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি ভাৰতৰ ভিতৰতে প্ৰথম স্হান লাভ কৰে।





    আস্মিতাই বুৰঞ্জীত ১০০, মনোবিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, ইংৰাজীত ৯৯ নম্বৰ লাভ কৰি এই সফলতা অৰ্জন কৰিছে। ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীক গুৰু বিষয় হিচাপে লৈ অধ্যয়ন কৰাৰ পৰিকল্পনা থকা আস্মিতাই পৰীক্ষাৰ সময়ত আন ছাত্ৰ-ছাত্ৰীৰ দৰে ৮-৯ ঘণ্টা ধৰি পঢ়া নাছিল। আস্মিতাই মাত্ৰ ২ ঘণ্টাকৈ পঢ়িছিল যদিও সেই সময়খিনি অতি মনোযোগৰে পঢ়িছিল বুলি মতপোষণ কৰে। সংগীতৰ প্ৰতি বিশেষ ৰাপ থকা আস্মিতাই পিয়ান' বজোৱাৰ লগতে বেডমিণ্টন খেলি ভাল পায়।





    কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ কেৱল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা পিতৃ-মাতৃৰ পৰা বিশেষ সহায় লাভ কৰি সফলতা অৰ্জন কৰা আস্মিতাই সামাজিক মাধ্যমৰ পৰাও বহুতো তথ্য আহৰণ কৰিছিল বুলি জানিবলৈ দিছে। 'থ্ৰিলাৰ' আৰু আফগান লেখক খালেদ হুছেইনৰ কিতাপ পঢ়ি ভাল পোৱা আস্মিতাৰ এই সাফল্যত আনন্দিত হৈ পৰিছে আস্মিতাৰ পিতৃ-মাতৃৰ লগতে ককাক চন্দ্ৰ মোহন কাকতি। আস্মিতাৰ পিতৃয়ে জানিবলৈ দিয়া মতে আস্মিতাৰ পৰা এনেধৰণৰ সাফল্য আশা কৰিছিল আৰু ভৱিষ্যতে এগৰাকী ভাল নাৰী হৈ আস্মিতাই সমাজক সহায় কৰাটো বিচাৰিছে। ইফালে আস্মিতাৰ এই সাফল্যত বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই শুভেচ্ছা জনাইছে।