• দেৰগাঁৱত আৰক্ষীৰ বৰ্বৰতা : মহিলাক অত্যাচাৰ, বৃদ্ধা গুলীবিদ্ধ

    আঞ্চলিক
    দেৰগাঁৱত আৰক্ষীৰ বৰ্বৰতা : মহিলাক অত্যাচাৰ, বৃদ্ধা গুলীবিদ্ধ

    দেৰগাঁও : বুধবাৰে নিশা দেৰগাঁৱত সংঘটিত হয় ভয়ংকৰ ঘটনা৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় এগৰাকী বয়োজ্যেষ্ঠ মহিলা৷ দেৰগাঁৱৰ কাকডোঙাৰ মাজুকুছি কৈৱৰ্ত গাঁৱত এই ভয়াৱহ ঘটনা সংঘটিত হৈছে৷ গুলীবিদ্ধ মহিলাগৰাকীৰ নাম বিবি দাস৷ নিশা বিবি দাসৰ ঘৰলৈ আচামী বিচাৰি গৈছিল আৰক্ষীৰ দলটো৷





    আৰু পঢ়িব পাৰিব : কাজিৰঙাত বলীউড তাৰকা আয়ুষ্মান খুৰানা, অনুভৱ সিনহা





    তাৰ পাছতেই সংঘটিত হয় গুলীচালনাৰ ঘটনা৷ কিয় আৰক্ষীয়ে গুলী চালনা কৰিব লগা হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ দেৰগাৱঁৰ চোমনি আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলৰ নেতৃত্বত চলিছিল এই অভিযান৷ বৃদ্ধাগৰাকী গুলীবিদ্ধ হোৱাৰ পাছত আৰক্ষীৰ দলটোৱে সমান্যতম চিকিৎসাৰ ব্যৱস্থা কৰি পুৱা পুনৰ ঘৰত থৈ যায়৷





    আৰু পঢ়িব পাৰিব : পুনৰ দেশলৈ আহিল ৰাফেল, অধিক শক্তিশালী বায়ুসেনা





    ইপিনে উত্থাপিত অভিযোগ অনুসৰি, আন কেইবাগৰাকী মহিলাকো আৰক্ষীয়ে প্ৰহাৰ কৰাৰ লগতে ঘৰৰ ফ্ৰিজ, চকী, আলনা আদি আচবাব ভঙাৰো অভিযোগ উঠিছে৷ আটাইতকৈ ভয়ানক কথা এয়ে যে মহিলা আৰক্ষীৰ সদস্য উপস্থিত নথকাকৈয়ে আৰক্ষীয়ে এই বৰ্বৰতা চলোৱাৰ অভিযোগ উঠিছে৷ গুলীবিদ্ধ বৃদ্ধাগৰাকীৰ অৱস্থা এতিয়া সংকটজনক৷ ঘটনা সম্পৰ্কে আৰক্ষীয়ে মন্তব্য দিয়াৰ পৰা বিৰত আছে|