• দৈদাম চাহ বাগিচাত হত্যাকাণ্ড !পত্নীসহ ৩বছৰীয়া কন্যাক হত্যা

    আঞ্চলিক
    দৈদাম চাহ বাগিচাত হত্যাকাণ্ড !পত্নীসহ ৩বছৰীয়া কন্যাক হত্যা

    তিনিচুকীয়া : তিনিচুকীয়াৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ‘দৈদাম চাহ বাগিচা’ৰ গুৰগুৰি লাইনত আজি পুৱতিনিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। পত্নীসহ কন্যাক হত্যা কৰিছে স্বামীয়ে। ডুমডুমাৰ ‘দৈদাম চাহ বাগিচা’ৰ গুৰগুৰি লাইনৰ ঠাকুৰ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই হত্যাকাণ্ড। জিতেন চাওতাল নামৰ এজন লোকে পত্নী চুচমা চাওতালসহ ৩বছৰীয়া কন্যা জোনালী চাওতালক ডিঙি কাটি হত্যা কৰে।





    আৰু পঢ়িব পাৰিব : ইতিহাস সৃষ্টি কৰিলে এয়াৰ ইণ্ডিয়াৰ মহিলা বৈমানিকে





    পাৰিবাৰিক সংঘাতৰ লগতে মানসিক বাধাগ্ৰস্ততাৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাই সন্দেহ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘঠিত হোৱাৰ পাছত স্থানীয় কেইবাজনো লোকক হত্যাকাৰী জীতেন চাওতালে আক্ৰমণ কৰিবলৈ লোৱাত স্থানীয় ৰাইজৰ সৈতে হোৱা হতাহতিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জীতেন চাওতালো মৃত্যুমুখত পৰে।





    আৰু পঢ়িব পাৰিব : চীনত আবদ্ধ ভাৰতৰ ৩৯ নাৱিক উভতিব দেশলৈ





    আৰক্ষীয়ে তিনিওটা মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ তদন্ত অব্যাহত ৰাখিছে| মৃত জীতেন চাওতাল কিছুদিনৰ পূৰ্বে মানসিক ৰোগত ভুগিছিল যদিও চিকিৎসাৰ পাছত আৰোগ্য লাভ কৰিছিল বুলি জানিব পৰা গৈছে|