National
The disaster left some 230000 people dead in 15 countries including Indonesia, Sri Lanka, India, the Maldive
শিৱসাগৰঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ বিষ্ণু নগৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। অনিমেষ দাস( ৫২) নামৰ লম্পট এটাৰ কামনাৰ বলি হৈছে এগৰাকী ৯ বছৰীয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। পেছাত গেলামালৰ দোকানী দাসে প্ৰলোভনৰে কিছুদিনৰ পৰা শিশুটিৰ ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন।
বুধবাৰে পাষণ্ডটোৰ কু-কৰ্মৰ বিষয়ে জানিব পাৰে কণমানিজনীৰ পিতৃ-মাতৃয়ে। পাছত ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত লম্পটটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে। এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পটটোক।
শিৱসাগৰ সদৰ থানাই 923/21 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 375(B)IPC R/W 6 &12 OF POSCO ACT.ত গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰে লম্পটটোক।
Leave A Comment