• দ্ৰুতগতিত সংক্ৰমণঃ স্বাস্থ্যপৰীক্ষা নকৰাকৈয়ে অসমত প্ৰৱেশ বহুজনৰ

    আঞ্চলিক
    দ্ৰুতগতিত সংক্ৰমণঃ স্বাস্থ্যপৰীক্ষা নকৰাকৈয়ে অসমত প্ৰৱেশ বহুজনৰ

    গুৱাহাটীঃ অসমত দ্ৰুতগতিত বৃদ্ধি হৈছে কৰ'নাৰ সংক্ৰমণ৷ উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যত ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে বহিঃৰাজ্যৰ প্ৰৱেশদ্বাৰ। কিন্তু তাৰ বিপৰীত ছবি এখন দেখা গৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ ছাগলীয়াত। প্ৰৱেশদ্বাৰখনত নাই কোনোধৰণৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা।

    আৰু পঢ়িব পাৰিব:দেশত নাটনিৰ মাজতে অক্সিজেন ৰপ্তানিত ভাৰতৰ অভিলেখ!

    বহিঃৰাজ্যৰ পৰা প্ৰতিদিনে পথ পৰিবহণৰ সহায়ত ক’ভিড পৰীক্ষা অবিহনে বহুজনে অসমত প্ৰৱেশ কৰিছে। দেশত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰাত বহিঃৰাজ্যৰ পৰা বহু লোক অসমত প্ৰৱেশ কৰিছে। স্বাস্থ্যপৰীক্ষা নকৰাকৈয়ে প্ৰৱেশ কৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত সোমাইছে।

    আৰু পঢ়িব পাৰিব:কোভিশ্বিল্ডৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিলে ছেৰাম ইনষ্টিটিউটে

    ইফালে ছাগলীয়াৰ পথেৰে দিনে-নিশাই যাত্ৰী আৰু সামগ্রী কঢ়িয়াই অসমত প্ৰৱেশ কৰিছে। এনেদৰে নিতৌ ছাগলীয়াৰে অসম-বংগ সীমান্তত বিনা বাধাই পাৰ হৈ থকাৰ পাছতো ছাগলীয়াত ক’ভিড পৰীক্ষাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগে। যাৰ বাবেই বিনা মাস্ক অবিহনে ছাগলীয়াৰে অসমত অহা-যোৱা কৰি আহিছে দুয়োখন ৰাজ্যৰ ৰাইজে। উল্লেখ্য যে কৰ’নাৰ ত্ৰাসৰ প্ৰথম পৰ্যায়ত বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ছাগলীয়াত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা আছিল।