• দৰং আৰক্ষীৰ সফলতাঃ কুখ্যাত চুপাৰি কিলাৰ আচাবাবু নিহত

    আঞ্চলিক
    দৰং আৰক্ষীৰ সফলতাঃ কুখ্যাত  চুপাৰি কিলাৰ আচাবাবু  নিহত

    মঙলদৈঃ দৰঙৰ কুখ্যাত ডকাইত চুপাৰি কিলাৰ আচাবাবু আৰক্ষী গুলীত নিহত হৈছে। বহু বছৰ ধৰি দৰঙত সন্ত্ৰাস চলাই আহিছিল আচাবাবু নামৰ কুখ্যাত ব্যক্তিগৰাকীয়ে। কেবাটাও হত্যাকাণ্ড আৰু বহু ডকাইতি কাণ্ডত জড়িত আছিল তেওঁ।





    কিছু বছৰৰ আগতে মঙলদৈ চহৰৰ জ্যেষ্ঠ অধিবক্তা বিনয় কুমাৰ ঘোষৰ নিজ বাসগৃহত ডকাইতি সংঘটিত কৰি অধিবক্তাগৰাকীক হত্যা কৰি কেইবা কোটি নগদ ধন আৰু আ-অলংকাৰ লুট কৰি নিছিল। বুধবাৰে খাৰুপেটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আচাবাবুক।





    কালি নিশা দলগাঁও ধনশিৰিলৈ তদন্তৰ বাবে লৈ গৈছিল ডকাইতটোক। কিন্তু আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলী কৰাৰ পাছত মৃত্যু ঘটে কুখ্যাত ডকাইতটোৰ।