National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
মঙলদৈঃ কৃষি বিভাগত সংঘটিত হোৱা কেলেংকাৰিসমূহে জোকাৰিছে সমগ্ৰ ৰাজ্য। এইবাৰ দৰঙত সংঘটিত হৈছে চৰকাৰী সাৰৰ বৃহৎ কেলেংকাৰি। প্ৰতি কিঃগ্ৰাঃত ৬টকা মূল্যত চৰকাৰী ইউৰীয়া সাৰ কৃষকে লাভ কৰিব লাগে, তাৰ বিপৰীতে দৰঙৰ কৃষকে এতিয়া ক’লা বজাৰত সাৰ ১২-১৫ টকা মূল্যত কিনিবলৈ বাধ্য হৈছে।
দৰঙৰ সাতখন পাইকাৰী সাৰ বিক্ৰী কেন্দ্ৰই নিৰ্ধাৰণ কৰি আছে চৰকাৰী সাৰৰ মূল্য, খুচুৰা দোকানীয়ে অধিক দামত কিনিব লাগে বুলি অভিযোগ উত্থাপন কৰিছে খুচুৰা বিক্ৰেতাসকলে। এই সন্দৰ্ভত মঙলদৈ কৃষি বিভাগে নেদেখা কুলিৰ ভাওঁ ধৰিছে বুলিও অভিযোগ উত্থাপন হৈছে! সম্পূৰ্ণ জিলা কৃষি বিভাগৰ বিষয়াগৰাকীৰ জ্ঞাতে চলিছে এই চৰকাৰী সাৰৰ ক’লা ব্যৱসায়! সেয়ে নিৰ্ভয়ে বিক্ৰী কৰিছে অধিক দামত চৰকাৰী লাইচেন্স থকা-নথকা অধিকাংশ ব্যৱসায়ীয়ে। কৃষকসকলক এনে মাধমাৰে কোঙা কৰাৰ ফলত ক্ষোভিত হৈছে কৃষকসকল। আৰু এই সন্দৰ্ভত এক তদন্ত বিচাৰিছে সাধাৰণ ৰাইজে।
Leave A Comment