মঙলদৈঃ দৰঙৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়াক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতিৰেখা দাসক। মঙলদৈ শান্তিপুৰৰপৰা গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকীক।
বিষয়াগৰাকীৰ পৰা জব্দ কৰা হৈছে নগদ ১৫ হাজাৰ টকা। কৃষকৰ পৰা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছে তেওঁ। পূৰ্বৰে পৰাই দাসৰ বিৰুদ্ধে আছিল বহু দুৰ্নীতিৰ অভিযোগ!
Leave A Comment