• দৰঙৰ ১৪০জন ছহিদ কৃষকক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সোণোৱালৰ

    আঞ্চলিক
    দৰঙৰ ১৪০জন ছহিদ কৃষকক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সোণোৱালৰ

    দৰং : দৰঙৰ পথৰুঘাটত কেন্দ্ৰীয় কৃষক ছহিদ দিৱস উদযাপন৷ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ প্ৰভাত ফেৰী, পুষ্পাঞ্জলিৰে আৰম্ভ কাৰ্যসূচীৰ৷ উল্লেখ্য যে, ১৮৯৪ত ছহিদ হৈছিল দৰঙৰ ১৪০জন কৃষক৷ ব্ৰিটিছৰ খাজানা বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ৷ আৰু তাৰপাছতেই ব্ৰিটিছৰ গুলী বুকু পাতি ছহিদ হৈছিল পথৰুঘাটত৷





    আৰু পঢ়িব পাৰিব : প্ৰতিষেধক আছে পৰ্যাপ্ত, কিন্তু লওঁতাই পিছ হুঁহকিছে ভাৰতত





    দৰঙৰ পথৰুঘাটত ১২৭ বছৰে পালন কৰি আহিছে এই ছহিদ দিৱস৷ পথৰুঘাটত দুদিনীয়াকৈ ২৭ আৰু ২৮ জানুৱাৰীত আয়োজন কৰা হয় কৃষক শ্বহীদ দিৱস৷ ২৮ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাজনো মন্ত্ৰী, বিধায়ক তথা উচ্চপদস্থ বিষয়াই।





    আৰু পঢ়িব পাৰিব : মুক্তিপণ নাপালে কুইপ’ৰ বিষয়াৰ বিৰুদ্ধে চৰম ব্যৱস্থা ল’ব আলফাই!





    বৃহস্পতিবাৰৰ দিনা পুৱা ৭ বজাত প্ৰভাত ফেৰীৰ পিছতে শ্বহীদ তৰ্পণ, সৰ্বধৰ্ম প্ৰাৰ্থনা আদি অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে পুৱা ১১ বজাৰ পৰা আৰম্ভ কৰা হয় মুকলি সভা ।