• ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি

    আঞ্চলিক
    ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি

    গুৱাহাটী : খাদ্য সুৰক্ষা আৰু মান বিশিষ্ট আইনৰ অধীনত গুটখা, পাণ মছলা, ধঁপাত আৰু নিকোটিন থকা যিকোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ, প্ৰদৰ্শন বা বিক্ৰীৰ ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে।





    আৰু পঢ়িব পাৰিব : পৰিয়ালতান্ত্ৰিক ৰাজনীতিক গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু আখ্যা প্ৰধানমন্ত্ৰীৰ






    উল্লেখ্য যে, কনজিউমাৰ্ছ লিগেল প্ৰটেক্টচন ফ'ৰামৰ দাবীৰ ভিত্তিত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তই ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ কাৰণে অসমত গুটখা, পাণ মছলা, ধঁপাত আৰু নিকোটিন থকা যিকোনো খাদ্য সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি নিৰ্দেশনা জাৰি কৰিছিল। ২০২০ চনৰ ১১ নৱেম্বৰলৈ এই নিষেধাজ্ঞাৰ ম্যাদ আছিল।






    এই ফ'ৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাৰ নেতৃত্বত ফ'ৰামৰ প্ৰতিনিধি দল এটাই ২০২০ চনৰ ১১ নৱেম্বৰত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীক সাক্ষাৎ কৰি এই নিষেধাজ্ঞাৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধিৰ দাবী উত্থাপন কৰে আৰু এখন পত্ৰও প্ৰদান কৰে।





    আৰু পঢ়িব পাৰিব : ভোগালীৰ বতৰত মৰণশয্যাত এজন যুৱক, সাহায্য প্ৰাৰ্থনা পৰিয়ালৰ






    নিষেধাজ্ঞাৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনাই ফ’ৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়, 'বৰ্তমানৰ ক'ভিডজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থা, আইচিএমআৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ধঁপাত বা নিকোটিন যুক্ত গুটখা, পাণ মছলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তই জন স্বাস্থ্যৰ ওপৰত নিশ্চয় আশানুৰূপ প্ৰভাৱ পেলাব।'