• ধাৰে লোৱা ধন ঘূৰাই দিব নোৱাৰি যুৱকে বিয়া পাতিলে কিন্নৰক... তাৰ পাছতহে ওলাল প্ৰকৃত স্বৰূপ

    আঞ্চলিক
    ধাৰে লোৱা ধন ঘূৰাই দিব নোৱাৰি যুৱকে বিয়া পাতিলে কিন্নৰক... তাৰ পাছতহে ওলাল প্ৰকৃত স্বৰূপ

    ডিজিটেল ডেস্ক : হাতীগাঁও থানালৈ ঘনে ঘনে আহিছে এগৰাকী কিন্নৰ৷ খবৰ লৈছে এজন যুৱকৰ৷ আৰক্ষীয়ে তদন্ত কৰিও উলিয়াব পৰা নাই যুৱকজনৰ সন্ধান৷ পিছে যুৱকজনৰ সৈতেনো কি সম্পৰ্ক এইগৰাকী কিন্নৰৰ? এই প্ৰশ্নৰ উত্তৰ বিচাৰোঁতে ওলাইছে আমোদজনক তথ্য। যুৱকজনৰে এইগৰাকী কিন্নৰৰ আছিল হেনো প্ৰেমৰ সম্পৰ্ক। বিয়াও হৈছিল দুয়োৰে মাজত। পিছে কাহিনীৰ আঁৰত আছে এটা টুইষ্ট।






    ভুৱা পৰিচয়ৰে প্ৰেমিকে প্ৰৱঞ্চনা কৰা ব্যক্তি আপুনি দেখিছে অথবা শুনিছে৷ প্ৰেমৰ নাটক কৰি স্বাৰ্থ সিদ্ধি কৰা লোকৰো অভাৱ নাই। পিছে টকা ধাৰে লৈ ঘূৰাই দিব নোৱাৰি কিন্নৰক বিয়া পতা বুলি ক’লে বিশ্বাস কৰিবলৈ অলপ টান হৈ পৰে। কিন্তু সেইটোৱেই ঘটিছে। ঘটনা ঘটিছে গুৱাহাটীত। কাহিনীটো হৈছে এনেধৰণৰ, যুৱকজনৰ নাম ছহিদুল ইছলাম৷ ঘৰ মুকালমুৱাৰ চাওলখোৱাত৷ কাম বিচাৰি ছহিদুল আহিছিল গুৱাহাটীলৈ৷ পিছে হাতীগাঁৱত এটা ভাৰাঘৰ লৈ কাম বিচাৰি থাকোঁতেই পাৰ হ’ল ৬ মাহ৷ হাতত ধন-বিত নোহোলা ছহিদুল চিনাকি হ’ল এগৰাকী কিন্নৰ মামণিৰ সৈতে৷ মামনিৰ বাবে সকলো কৰিবলৈ সাজু বুলি দিলে প্ৰেমৰ প্ৰস্তাৱ৷






    যি লাগে তাকেই দিম বুলি প্ৰতিশ্ৰতি দি মামনিৰ পৰা বিচাৰিলে কিছু ধন৷ সেয়াই আৰম্ভণি একেলগে থাকি সকলো খৰছ লৈও কিস্তি হিচাপত ছহিদুলে ধাৰে ল’লে ২লাখ ১২ হাজাৰ টকা৷ প্ৰেমাস্পদক বিশ্বাসত লৈ মামনিয়েও ধন ধাৰলৈ দিলে ছহিদুলক৷ কিন্তু সেই ধন ঘূৰাই দিয়াৰ নাম নল’লে ভুৱা প্ৰেমিকে। লকডাউনৰ সময়ছোৱাত মামনিৰ ধনৰ অভাৱ হোৱাত ছহিদুলৰপৰা ধাৰে দিয়া ধনখিনি বিচাৰিলে৷ কিন্তু ধন ঘূৰাই দিবলৈ অপাৰগ হোৱা ছহিদুলে মামনিক ছহিদুলে দিলে বিয়াৰ প্ৰস্তাৱ৷ দুয়ো একেলগে সংসাৰ কৰা উদ্দেশ্য বিয়া হ’ল আদালতত৷ ধনৰ লালসাত প্ৰেমৰ নাটক কৰা ছহিদুলে তাৰ পাছতে নিজৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। এদিন সুযোগ বুজি ছহিদুল পলাল। ফোনৰ ছুইফ অফ কৰি নাইকিয়া হৈ পৰিল ছহিদুল। উপাই নাপাই মামনিয়ে হাতীগাঁও থানাত ছহিদুলৰ বিৰুদ্ধে তৰিলে গোচৰ৷ প্ৰেমৰ ৰাগি এতিয়া মামনিৰ মনৰ পৰাও ফাটিল। এতিয়া মামনিয়ে বিচাৰিছে, ছহিদুলে ধনখিনি ঘূৰাই দিয়ক। অন্যথা আকৌ ঘূৰি আহক৷ পিছে পলাতক এই ধুৰন্ধৰৰ সন্ধান উলিয়াই আৰক্ষীয়ে মামনিক ন্যায় দিব পাৰে নে নাই সেয়া সময়তহে দেখা যাব।