Politics
Assam chief minister, Himanta Biswa Sarma, challenged his Delhi counterpart, Arvind Kejriwal, to label him corrupt when the latter is on a Guwahati tour...
গুৱাহাটী : দিল্লী বা ভাৰতৰ অন্য ঠাইত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী তথা আন বাসিন্দাও প্ৰায়েই নানা অত্যাচাৰ তথ বৰ্ণবাদী বৈষম্যৰ বলি হোৱা ঘটনাই প্ৰায়েই সংবাদ শিৰোনাম দখল কৰিছে৷ কিন্তু এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ গৈ অপমানিত হ'ল অসমৰ খেলুৱৈ৷ গোৱাত খেলত অংশগ্ৰহণ কৰিবলৈ গৈ অপমানিত অসমৰ খেলুৱৈ। ৰাতি পদপথত আশ্ৰয় ল’বলগা হয় অসমৰ ১৩০জন খেলুৱৈয়ে৷ উল্লেখ্য যে, ২৬ আৰু ২৭ আগষ্টত গোৱাত অনুষ্ঠিত ৱাকো ইণ্ডিয়া কিক বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে গৈছিল খেলুৱৈসকল।
২৬ আগষ্টত গোৱাত উপস্থিত হোৱা অসমৰ খেলুৱৈ সকলৰ ওজন পৰীক্ষা ২৭ আগষ্টত কৰা হ'ব বুলি জনাই গোৱা খেল কৰ্তৃপক্ষই। ২৬ আগষ্টত খেলুৱৈসকলৰ থকাৰ কোনো ব্যৱস্থা নকৰাত পদপথতে আশ্ৰয় ল'ব লগা হয় খেলুৱৈসকলে। তদুপৰি ২৭ আগষ্টত গোৱা খেল কৰ্তৃপক্ষই খেলুৱৈসকলক খেলপথাৰত প্ৰৱেশৰে অনুমতি প্ৰদান নকৰিলে। খেলুৱৈসকলৰ অভিযোগ মৰ্মে, গোৱাত অংশগ্ৰহণ কৰিবলৈ যোৱা ১৩০গৰাকী খেলুৱৈৰ পৰিৱৰ্তে কেইগৰাকীমানৰহে ভৰ্তি মাচুল আদায় দিছিল অসম কিক বক্সিং সন্থাই। কিন্তু সভাপতি হিৰণ্য বৰুৱা আৰু সম্পাদক আদিল পাটিলে প্ৰতিগৰাকী খেলুৱৈৰ পৰা ৮ হাজাৰকৈ টকা সংগ্ৰহ কৰিছিল বুলি জনায় খেলুৱৈসকলে। যিসময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈয়ে দেশলৈ গৌৰব কঢ়িয়াই আনিছে৷ তেনে সময়তে নিজ দেশত ঘটা এই ঘটনাই সকলোৱে একেমুখে ধিক্কাৰ দিছে৷
Leave A Comment