National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
শিৱসাগৰ : শিৱসাগৰত চোৰ নহয় এইবাৰ চুৰুনীৰ উপদ্ৰৱ৷ চাইকেলৰ লোভ সামৰিব নোৱাৰি চাইকেল চুৰিত নামিল যুৱতী৷ এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ ষ্টেচন চাৰিআলিত৷ ৰাজা খান নামৰ ব্যৱসায়ীজনৰ আছিল চাইকেলখন৷
নতুনকৈ ক্ৰয় কৰা FROG নামৰ চাইকেলখনত তলা মাৰি নিজা ব্যৱসায়িক প্ৰতিষ্ঠানখনত ব্যস্ত আছিল ব্যৱসায়ীজন৷ সেই সময়তে চাইকেলৰ তলা ভাঙি চাইকেলসহ উধাও হয় চোৰ৷ ইয়াৰ পাছতে চোৰ-মালিকৰ খেদা-খেদিৰ পাছত কৰায়ত্ত হ'ল চোৰ৷ চোৰ ধৰাৰ পাছতে একাংশ মহিলাৰ সহায়ত ধৰি অনা হ'ল যুৱতীগৰাকী।
ধুনীয়া চাইকেলখন দেখি লোভ সামৰিব নোৱাৰি চাইকেল চুৰিত লিপ্ত হৈছিল চৰগুৱাৰ দীপা গগৈ নামৰ যুৱতীগৰাকী। চাইকেলখন চুৰি কৰা যুৱতীগৰাকী এতিয়া শিৱসাগৰ সদৰ থানাৰ আলহী৷
Leave A Comment