• ধুবুৰীকাণ্ড : আৰক্ষীৰ জালত লম্পদ শিক্ষক হাচেম আলি

    আঞ্চলিক
    ধুবুৰীকাণ্ড :  আৰক্ষীৰ জালত লম্পদ শিক্ষক হাচেম আলি

    ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। এজন শিক্ষকৰ কামনাৰ বলি হৈছে এগৰাকী ১০ বছৰীয়া ছাত্ৰী। আৰক্ষীৰ জালত অভিযুক্ত শিক্ষক হাচেম আলী। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পিয়াজবাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনাটি।





    লম্পট শিক্ষক হাচেম আলীয়ে ১০বছৰীয়া ছাত্ৰীগৰাকীক ঘৰৰ আচবাব দেখুৱাবলৈ ঘৰলৈ মাতি আনি সংঘটিত কৰিছিল এই জঘন্য কাণ্ড! ছাত্ৰীগৰাকীৰ চিঞৰ-বাখৰ শুনি ছাত্ৰীগৰাকীৰ পৰিয়াল তথা গাঁওবাসীয়ে হাতেলোটে আটক কৰে শিক্ষক হাচেম আলীক। পিয়াজবাৰী এমই স্কুলৰ সহকাৰী শিক্ষক হাচেম আলী। গৌৰীপুৰ আৰক্ষীয়ে 991/2021, U/S 342 /376/ (AB)/ 511 ipc R/W ৰ অধীনত পছক’ আইনৰ অধিনত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। ইফালে, ধুবুৰী অসামৰিক চিকিৎসালয়ত ছাত্ৰীগৰাকী চিকিৎসাধিন যদিও কণমানি ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি আমাৰ সাংবাদিকে জনাইছে।