• ধুবুৰীত গঁড়ৰ খৰ্গসহ ৪ চোৰাং ব্যৱসায়িক আটক

    আঞ্চলিক
    ধুবুৰীত গঁড়ৰ খৰ্গসহ ৪ চোৰাং ব্যৱসায়িক আটক

    ধুবুৰী : ধুবুৰীত গঁড়ৰ খৰ্গসহ ৪ চোৰাং ব্যৱসায়িক আটক আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি ধুবুৰী চহৰত ঝাগৰাৰপাৰ চতুৰ্থ খণ্ডৰ নুৰ মহম্মদৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছিল৷ আৰু ২ কিঃগ্ৰাঃ ওজনৰ এটি গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে।





    আৰু পঢ়িব পাৰিব :হিমন্তক আজমলৰ মুকলি প্ৰত্যাহ্বান: ‘বাধা দিলেও অসমৰ গাঁৱে-ভূঞে হ’ব আজমলৰ কলেজ’





    লগতে কুখ্যাত গঁড়ৰ খৰ্গৰ ৪ চোৰাং ব্যৱসায়িক আটক কৰে আৰক্ষীয়ে। আটকাধীন ৪ চোৰাং ব্যৱসায়ী ক্ৰমে আজাহাৰুল ইছলাম (৩৮), নুৰ মহম্মদ (৪৭), জিয়াউল হক ( ৩৮) আৰু ৰাজু সৰকাৰ(২০) বুলি আৰক্ষী চিনাক্ত কৰে।





    আৰু পঢ়িব পাৰিব : প্ৰতিষেধকৰ সপক্ষে কেন্দ্ৰৰ প্ৰচাৰ অভিযান আৰম্ভ





    ধুবুৰীৰ আৰক্ষীয়ে বৰ্তমান এই কুখ্যাত গঁড়ৰ খৰ্গৰ ৪ চোৰাং ব্যাৱসায়ীক ধুবুৰী সদৰ আৰক্ষী থানাত জেৰা অব্যাহত আছে। আৰক্ষীয়ে উদ্ধাৰ কৰা গঁড়ৰ খৰ্গৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ১ কোটি টকাৰ ওপৰত হ'ব বুলি জানিব পৰা গৈছে।