National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
গোৰেশ্বৰঃ এগৰাকী নাৰীৰ বাবে স্বামীৰ ঘৰখনেই হৈছে আটাইতকৈ নিৰাপদ স্থান! কিমান অসহনীয় কষ্টত ভুগিলে এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব পাৰে, সেয়া হয়তো সকলোৰে জ্ঞাত। ভোগপুৰৰ তাজুল আলী নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে তেওঁৰ পত্নীয়ে। আমাৰ সাংবাদিকে জনোৱা অনুসৰি, বিগত ডেৰ বছৰৰ পূৰ্বে ইছলাম ধৰ্মাৱলম্বী সামাজিক ৰীতি-নীতি মতে একেখন গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তাজুল আলী।
পেছাত এগৰাকী ডাম্পাৰ চালক তাজুল আলীৰ বৰ্তমান এটি সাতমহীয়া ল’ৰা সন্তানো আছে। বিয়াৰ পাছৰেপৰা ঘৰ-সংসাৰ ঠিকেই চলি আছিল যদিও তিনি মাহৰ পূৰ্বৰেপৰা তাজুল আলীয়ে সন্তান আৰু পত্নীক এৰি চাংসাৰিত কৰ্মসূত্ৰে ভাৰাতীয়া হিচাপে থাকিবলৈ লয়। চাংসাৰিত থকাৰ সময়ৰে পৰা তাজুল আলীয়ে পত্নীক দৈনন্দিন খা-খৰচ দিয়াৰ পৰা বিৰত থাকে। আনকি ঘৰলৈ আহিবলৈ বাদ দিয়াৰ উপৰি পত্নীৰ ঘৰৰ পৰা ফোন কৰিলে ফোন নধৰাৰ লগতে নম্বৰ ব্লক কৰি থৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে।
সেয়েহে পত্নীয়ে নিজৰ মাতৃৰ লগতে অন্য দুজনমানক লগত লৈ স্বামীৰ কৰ্মস্থলী চাংসাৰিত গৈ ২৫ ছেপ্টেম্বৰত উপস্থিত হয়। আৰু তাতেই তেওঁলোকে গৈ ধৃত তাজুল আলীক অন্য এক মহিলাৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হৈ থকা প্ৰত্যক্ষ কৰাৰ অভিযোগ উত্থাপন কৰিছে। তাজুল আলীক কৰায়ত্ত কৰিবলৈ তেওঁলোকে চেষ্টা কৰে যদিও তেওঁ পলায়ন কৰে। এই বিষয়ে শহুৰেকক অৱগত কৰাত তিৰস্কাৰ কৰিহে পঠিয়ায়। ইপিনে উক্ত ঘটনা সম্পৰ্কত গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰে পত্নীয়ে।এইক্ষেত্ৰত স্বামী তাজুল আলী আৰু শহুৰেক তাহিৰ আলীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী
Leave A Comment