National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
নতুন দিল্লীঃ কৰ’না অতিমাৰীৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ তথা আই পি এলৰ চতুৰ্দশ ছিজনৰ খেলখন মাজভাগত বন্ধ কৰা হৈছিল। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি চতুৰ্দশ ছিজনৰ দ্বিতীয় ৰাউণ্ড আৰম্ভ হ’ল আজি। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত খেলখনত চেন্নাই ছুপাৰ কিংছে জয়লাভ কৰে। ২০ৰানৰ ব্যৱধানত জয় লাভ চেন্নাইৰ। প্ৰথমে বেট কৰি চেন্নাইয়ে ৬উইকেট হেৰুৱাই ১৫৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে মুম্বাইক। চেন্নাই ছুপাৰ কিংছৰ হৈ ঋতুৰাজ গায়কৱাডে ৯টা বাউণ্ডেৰী আৰু ৪টা অভাৰ বাউণ্ডেৰীৰে সৰ্বাধিক ৮৮ ৰান কৰে।
অৱশ্যে, ডুপ্লেছিছ,মইন আলী আৰু ৰায়ডুই শূন্যৰানতে পেভেলীয়নমুখী হয়। ধোনীৰ বেটৰ পৰাও আশানুৰূপ ৰান নাহিল। ৫টা বলত ৩ৰান কৰি মিলনেৰ বলত কেচ তুলি দিয়ে ধোনীয়ে। ধোনী আউট হোৱাৰ পাছত শলঠেকত পৰা চেন্নাইক জাদেজা আৰু ব্ৰেভ’ই এক সন্মানজনক টাৰ্গেট থিয় কৰিবলৈ সক্ষম হয়। মুম্বাই ইণ্ডিয়ানছৰ হৈ ট্ৰেণ্ড বল্ট,মিলনে আৰু বুমৰাহে গায় প্ৰতি ২টাকৈ উইকেট লাভ কৰে। আনহাতে, মুম্বাইয়ে ৮টা উইকেট হেৰুৱাই ১৩৬ৰানহে কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, চেন্নাই ১২পইন্ট লাভেৰে তালিকাৰ শীৰ্ষস্থানত আছে আৰু ৮পইন্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই।
Leave A Comment