• ধৰ্ষণৰ বলি হৈ নিহত হোৱা ভূৰাগাঁৱৰ নাবালিকাৰ দেহত পাঠাৰ ডিএনএ

    আঞ্চলিক
    ধৰ্ষণৰ বলি হৈ নিহত হোৱা ভূৰাগাঁৱৰ নাবালিকাৰ দেহত পাঠাৰ ডিএনএ

    গুৱাহাটীঃ ৰাজ্যজুৰি দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ভূৰাগাঁৱত সংঘটিত হোৱা শিশু ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্তই লাভ কৰিছে বিশেষ গতি। নিহত হোৱা নাবালিকাগৰাকীৰ দেহত পোৱা গৈছে ছৈয়দ আলী(পাঠা)ৰ ডিএনএ।





    ফৰেঞ্চিক পৰীক্ষাগাৰত স্পষ্ট হৈছে এই কথা। মৰিগাঁও আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আগবঢ়াইছে তদন্ত। মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ কিশোৰী হত্যা আৰু ধৰ্ষণকাণ্ডৰ হত্যাকাৰী পাঠাৰ ৰিপ’ৰ্ট অহাৰ সন্দৰ্ভত মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে কয় যে, ‘‘ৰিপ’ৰ্ট আহিছে আৰু এফএছএলৰ তথ্যৰ ভিত্তিত ডিএনএ ৰিপ’ৰ্ট মৰিগাঁও আৰক্ষীয়ে লাভ কৰিছে। মৰিগাঁও আৰক্ষীয়ে কিশোৰীগৰাকীৰ কিছু কাপোৰ আৰু Biological Specimen আৰু পাঠাৰ তেজৰ নমুনা পঠিয়াইছিল।’ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।