• নকল সোণসহ আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ৪ লোক

    আঞ্চলিক
    নকল সোণসহ আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ৪ লোক

    ডিজিটেল ডেস্কঃ গহপুৰত নকল সোণৰ নাওসহ বহি:ৰাজ্যৰ চাৰিজনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। গহপুৰৰ ভোলাগুৰিৰ চাহ বাগিচাৰ পৰা গহপুৰ আৰক্ষীয়ে আটক কৰিছে লোক কেইজনক।





    আটক হোৱা লোক কেইজনৰ নাম ক্ৰমে মধ্যপ্ৰদেশৰ লখন ৰেকোৱাৰ, উত্তৰ প্ৰদেশৰ দ্বীপন ছনী, ৰাজেন ছনী আৰু অনিল ৰেকোৱাল। ঘটনাৰ বিৱৰণী অনুসৰি ভোলাগুৰি বস্তিৰ নিৰ্মল বৈষ্ণৱৰ ঘৰৰ শৌচাগাৰৰ গাঁতৰ পৰা উদ্ধাৰ কৰে নকল সোণৰ টুকুৰা।





    ভোলাগুৰি বস্তিত সন্দহজনকভাৱে লোক কেইজন ঘূৰি ফুৰা দেখি স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ৰাইজৰ সহযোগত আটক কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আটক কৰি থানালৈ সোধা-পোছাৰ বাবে লৈ আহে। তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।