• নট্ ৰিচ্ছেবল শুকুৰ আলী!

    আঞ্চলিক
    নট্ ৰিচ্ছেবল শুকুৰ আলী!

    ডিজিটেল ডেস্ক: তেওঁ আছিল বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। চৰকাৰে দিছিল তেওঁক দুগৰাকীকৈ পি এছ অ’। তেওঁ য’লৈকে গৈছিল তাতেই তেওঁৰ পিছ লৈছিল সংবাদ মাধ্যমৰ লোকে। ধুবুৰীৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছিল তেওঁ। দুখনমান পোষ্টাৰো ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। কিন্তু ইয়াৰ পিছতেই শুকুৰ আলী নিৰুদ্দেশ। নাই মানে নায়েই। মানুহজন ক’তো নাই।





    চৰাঞ্চলৰ সভাত ভাষণ দি ফুৰা, হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা, বদৰুদ্দিন আজমলক চেলেঞ্জ কৰা এনেকি মোডীকো সুদাই নেৰা শুকুৰ আলী গ’ল ক’লৈ? বিজেপিৰ ষ্টাৰ কেম্পেইনাৰজন আচলতে আছে ক’ত?
    ভাবি গুণি শেষত ফোন লগোৱা হ’ল আলীক। কিন্তু নাই। বাৰে বাৰে ফোনটো ৰিং কৰি বন্ধ হৈ গৈছে, শুকুৰ আলীৰ পিনৰ পৰা কোনো উত্তৰ নাই। হয়তো ব্যস্ততাৰ বাবেই তেওঁ সংবাদ মাধ্যমৰ পৰা আঁতৰি ফুৰিছে।মাজতে খবৰ ওলাইছিল, শুকুৰ আলীয়ে হেনো যোগ দিছে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিত। হ’বও পাৰে! যদি সেয়াই হয় তেন্তে কেজৰিৱালৰ দিল্লী ম’ডেল আৰু উন্নয়নৰ ৰাজনীতিক শুকুৰ আলীয়ে কিভাৱে হৃদয়ংগম কৰে সেয়াও চাবলগীয়া কথা হ’ব।






    আৰু যদিহে এই লেখা পঢ়ি আপুনি আমাক গালি এজাউৰি দিম বুলি ভাবিছে,বৌদ্ধিক গাম্ভীৰ্য্য ম্লান কৰা বিষয়ক লিখা লিখি মিছামিছি আপোনাৰ সময়ৰ অপচয় কৰা বুলি ভাবিছে তেন্তে আমি নিৰুপায়। খোদ শাসকীয় দলে ষ্টাৰ কেম্পেইনাৰৰ বাব দিয়া মানুহ এজন হেৰাই গৈছে- - - সেয়া খবৰ হোৱাটো ইমানেই অনুচিত জানো?