International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
গুৱাহাটী : ‘জনতা ভৱন’ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি সংবাদমেলযোগে ঘোষণা কৰে নতুন এছঅ’পি৷ ৰাজ্যৰ ক’ভিডৰ পৰিস্থিতিৰ ওপৰত পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ৷ নতুন এছঅ’পিত যথেষ্ট শিথিলতা অনা হৈছে৷ পূৰ্বৰ ৭ বজাৰ পৰিবৰ্তে নিশা ৯ বজাৰ পৰা পুৱা ৫বজালৈ হ’ব সান্ধ্যআইন৷
ক’ভিড সম্পৰ্কীয় নতুন এছঅ’পি আজি ১১ বজাৰ পৰাই কাৰ্যকৰী হৈছে। আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে মুকলি কৰা হৈছে, এপালি প্ৰতিষেধক লোৱা কৰ্মচাৰীসকল কাৰ্যালয়লৈ আহিব লাগিব আৰু কাৰ্যালয়ৰ মুৰব্বীয়ে তালিকা প্ৰস্তুত কৰি কোনোবাই যদি প্ৰতিষেধক লোৱা নাই তেওঁ তিনিদিনৰ ভিতৰত প্ৰতিষেধক লোৱাটো বাধ্যতামূলক৷
শিক্ষানুষ্ঠানৰ সন্দৰ্ভতো নতুন নিৰ্দেশনা স্বাস্থ্যবিভাগৰ৷ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি প্ৰদান৷ মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল'ব পাৰিব। বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০গৰাকী লোকে। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পাৰিব ভাগ ল’ব পাৰিব। অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে।
Leave A Comment