• নতুন ক'ভিড নিৰ্দেশনা : এসপ্তাহৰ বাবে সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ'ন ৪খন জিলাত !

    আঞ্চলিক
    নতুন ক'ভিড নিৰ্দেশনা : এসপ্তাহৰ বাবে সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ'ন ৪খন জিলাত !

    গুৱাহাটী : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি সংবাদমেলযোগে ঘোষণা কৰে নতুন ক'ভিড নিৰ্দেশনা৷ শুকুৰবাৰে ৪ বজাৰ পৰা ৫ বজালৈ মুখ্যমন্ত্ৰীৰ সভাপতিত্বত স্বাস্থ্য বিভাগৰ লগতে কেইবাটাও বিভাগৰ সৈতে হোৱা বৈঠকত ক'ভিডৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত এক আলোচনাত মিলিত হয়। ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি কিছু নতুন নীতি-নিৰ্দেশনা প্ৰস্তুত কৰে।





    অহা সোমবাৰৰ পৰা প্ৰযোজ্য হ'বলগীয়া এই নিৰ্দেশনা অনুসৰি ৪ খন জিলাত বিগত সাতদিনত অসমৰ সকলো অঞ্চলত পৰ্যালোচনা কৰিহে নিৰ্ধাৰণ কৰিছে নিৰ্দেশনা৷ ২৪৭ টা অঞ্চলত সংক্ৰমণ বৃদ্ধি হৈছে।জিলাভিত্তিক পৰ্যালোচনা কৰা হৈছে৷ বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা জিলা সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ'ন ঘোষণা৷ গোলাঘাট জিলাৰ বোকাখাত মহকুমাত সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ'ন।





    সেই অঞ্চলসমূহত অত্যাৱশ্যকীয় সেৱা মুকলি থাকিব৷ গেলামালৰ দোকান সন্ধিয়া ৫ বজালৈ খোলা থাকিব। শাক-পাচলিৰ দোকান বহিব পাৰিব দোকানৰ সন্মুখত৷ ইপিনে গুৱাহাটীৰ ক্ষেত্ৰত সান্ধ্য আইন সন্ধিয়া ৪বজাৰ পৰা আৰম্ভ হ'ব৷ ৩ বজালৈকে দোকান-পোহাৰ খোলা ৰাখিব পাৰিব৷ হাইলাকান্দি জিলাত ৪ বজালৈ খোলা থাকিব আৰু বাকীখিনি জিলাকেইখনত ১২ বজালৈ খোলা থাকিব৷ অৱশ্যে আন্তঃজিলা যোগাযোগ বন্ধ থাকিব এসপ্তাহলৈকে৷





    আনহাতে, মেগা ভেকচিনেচন বিগত তিনিটা দিনত ৯ লাখ ৮৪ হেজাৰ জন ব্যক্তিক প্ৰদান কৰা হৈছে৷ প্ৰতিদিনে ডেৰ লাখ ভোকচিন পাই আছে কেন্দ্ৰীয় চৰকাৰৰ পৰা৷ যিসকলে এটাকৈ ভেকচিন লৈছে তেওঁলোক কাৰ্যালযয়লৈ আহিব লাগিব৷ অৱশ্যে ৫ বছৰৰ তলৰ সন্তান থকা আৰু গৰ্ভৱতী মহিলাই ঘৰৰ পৰা কাম কৰিব লাগিব৷ প্ৰথম শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ভেকচিন ল'বলৈ আহ্বান জনাইছে৷