International
ধেমাজি : যোৱা ২১ আগষ্টত ধেমাজি জিলাত দিন-দুপৰতে এটা নৰপিশাচৰ বলি হোৱা ঢকুৱাখনাৰ কাঠৰবাৰী গাঁৱৰ মেধাবী ছাত্ৰী নন্দিতা শইকীয়া বাসগৃহত আজি উপস্থিত হয় লখিমপুৰ জিলা আৰু ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষ্ণান৷
বহু সময় ধৰি নন্দিতা শইকীয়াৰ পিতৃ -মাতৃ আৰু পৰিয়ালবৰ্গ লগত আলোচনা কৰে কেইবাটাও বিষয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আহি আজি উপস্থিত হয়হি মন্ত্ৰীগৰাকী৷ ছাত্ৰী নন্দিতাৰ ঘটনা তদন্ত ক্ষিপ্ৰতাৰে চলি আছে আৰু এই তদন্তৰ পাছত দোষীক উচিত শাস্তি দিয়া হ'ব বুলি পৰিয়ালটোক আশ্বাস দিয়ে৷
ইয়াৰ উপৰি পৰিয়ালটোক এটা চৰকাৰী সংস্থাপন দিয়া কথা চৰকাৰৰ মাজত আলোচনা চলি আছে বুলিয়ো জনায়৷ কিছু দিনৰ পিছত নন্দিতাৰ বাসগৃহত কিছু দিনৰ পিছত মুখ্যমন্ত্ৰী নিজে আহিব বুলিয়ো সংবাদমাধ্যমক জনায় মন্ত্ৰীগৰাকীয়ে৷
Leave A Comment