North East
কামৰূপ: ধেমাজিৰ নন্দিতা শইকীয়াক আক্ৰমণৰ ঘটনাৰ মাজতে ৰাজ্যত পুনৰাবৃত্তি হয় এনে ঘটনাৰ৷ কামৰূপৰ চাংসাৰিৰ ৰাজপথত পুনৰ যুৱতীক কচাইৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এজন যুৱকে। দৰং জিলাৰ ভেৰভেৰীৰ যুৱতীগৰাকীক চাংসাৰিত উপৰ্যুপৰি ছুৰীকাঘাত যুৱকজনৰ। কামৰূপ জিলাৰ ‘তোলাৰাম বাফনা হাস্পতাল’ত সংকটজনক অৱস্থাত মনোৱাৰা বেগম নামৰ যুৱতীগৰাকীক ভৰ্তি কৰে আৰক্ষীয়ে।
কচাইৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত পেটৰ অংগ-প্ৰতংগ বাহিৰলৈ ওলাই গৈছে যুৱতীগৰাকীৰ।
কামৰূপৰ তোলাৰাম বাফনা হাস্পতালত চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে যুৱতীগৰাকীক নাৰায়ণা হাস্পতালত ভৰ্তি কৰায়।
জানিব পৰা মতে প্ৰেমৰ সম্পৰ্ক আছিল দলগাঁৱৰ ইমাৰণ হুছেইন নামৰ যুৱকজনৰ সৈতে। ঘটনা সংঘটিত কৰি থানাত হাজিৰ ইমাৰণ হুছেইন নামৰ যুৱকজন।
Leave A Comment