• নাকচ জামিন : কাৰাগাৰতে থাকিব লাগিব অখিল গগৈ!

    আঞ্চলিক
    নাকচ জামিন : কাৰাগাৰতে থাকিব লাগিব অখিল গগৈ!

    গুৱাহাটী : আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ‘কৃষক মুক্তি সংগ্ৰাম সমিতি’ৰ মুখ্য নেতা অখিল গগৈৰ জামিন নাকচ কৰে৷ উচ্চ ন্যায়ালয়ে আজি দিনৰ ১০.৩০ বজাত দিয়া ‘নিয়া’ৰ ১৩/২০১৯ নম্বৰৰ গোচৰত অখিল গগৈৰ জামিন নাকচ কৰে৷ সুদীৰ্ঘ ৩৭৩দিন ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতাজন৷





    আৰু পঢ়িব পাৰিব : স্কুলীয়া ছাত্ৰীক ৰাজপথতে আক্ৰমণ মাতাল যুৱকৰ





    উল্লেখ্য যে, পূৰ্বে ‘নিয়া’ৰ দুয়োটা গোচৰতে জামিন পাইছিল অখিলে৷ উচ্চ ন্যায়ালয়ত জামিনৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছিল ‘নিয়া’ই৷ ন্যায়াধীশ কল্যাণ ৰায় ছুৰনা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠে প্ৰদান কৰিলে এই অখিল গগৈৰ গুৰুত্বপূৰ্ণ ৰায়৷ ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ৷





    উচ্চ ন্যায়ালয়ৰ এই ৰায়ে হতাশ কৰিলে অখিলৰ সমৰ্থকক৷ আজিৰে পৰা মৰাণত নৱগঠিত 'ৰাইজৰ দল'ৰ অভিৱৰ্তন পূৰ্বে অখিল গগৈৰ মুক্তিপনৰ আশা কৰিছিল সমৰ্থকসকলে৷ মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ৷ বৰ্তমানে GMCH ত চিকিৎসাধীন হৈ আছে অখিল গগৈ৷





    আৰু পঢ়িব পাৰিব : আজমলৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ হুংকাৰ: ভয়ত কাষ চাপিছে মুখ্যমন্ত্ৰীৰ





    “পৰৱৰ্তী পৰ্যায়ত ‘উচ্চতম ন্যায়ালয়’ৰ কাষ চাপিব পাৰিব অখিল গগৈ। ‘উচ্চতম ন্যায়ালয়’ৰ বাদে অন্য কোনো পথ নাই। দিনৰ দুই বজাত judementৰ কপি হাতত পৰাৰ পাছতহে গম পোৱা যাব যে, কি কাৰণত জামিন নাকচ হ'ল।” - এই মন্তব্য অখিল গগৈৰ অধিবক্তাৰ৷