• নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা ! গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত

    আঞ্চলিক
    নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা ! গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত

    ডিব্ৰুগড় : ৰহাৰ কিশোৰী হত্যাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ এটা লম্পটৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ চাউলখোৱাৰ ঘৰবন্দীচুকৰ জাৰুৱা গাঁৱৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।





    আৰু পঢ়িব পাৰিব: ভাৰতত ক্ৰমাগত পঞ্চম দিনৰ বাবে কৰ’নাত আক্ৰান্তৰ অভিলেখ !





    অঞ্চলটোৰ আফজল আনচাৰী নামৰ লম্পটজনে সম্পৰ্কীয় ৮ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়। ১৩ মাৰ্চতে সংঘটিত হোৱা ঘটনাৰ পিছতে ২০ মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে গাভৰুপথাৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ।





    আৰু পঢ়িব পাৰিব: শত্ৰুতা পাহৰি ভাৰতৰ সৈতে থকাৰ বাৰ্তা পাক প্ৰধানমন্ত্ৰীৰ…





    কিন্তু নাবালিকাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই লম্পটটোক। নিৰ্যাতিতাৰ পৰিয়ালে লম্পটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক উচিত ন্যায় প্ৰদানৰ বাবে দাবী জনাইছে।