• নাবালিকাৰ ৰহস্যজনক আত্মহত্যা, ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

    আঞ্চলিক
    নাবালিকাৰ ৰহস্যজনক আত্মহত্যা, ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

    মৰিগাঁও : মৰিগাঁও জিলা ভুৰাগাঁৱত বালিডুংগা কিশোৰী ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাঁওতেই জিলাখনত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা৷ জিলাখনৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কালিকাজাড়ীত সংঘটিত হৈছে আন এগৰাকী কিশোৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা৷





    ডিঙিত ৰচি লগাই কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে ৮-৯ বছৰীয়া এগৰাকী কিশোৰী৷ কিশোৰীগৰাকীৰ পিতৃ কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে আৰু মাতৃৰ চিকিৎসাজনিত কাৰণত চিকিৎসালয়লৈ যোৱাৰ সময়ত ঘৰত কোনো নথকা সুযোগ লৈ কোনো দুৰ্বৃত্তই কিশোৰীগৰাকীক হত্যা কৰি ডিঙিত ৰচি লগাই ওলমাই থৈ গৈছে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে৷ ইতিমধ্যে, ঘটনাস্থলীত মিকিৰভেটা আৰু মৰিগাঁও আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷