আঞ্চলিক
গোলাঘাট : ৰঙালী বিহুৰ প্ৰাকক্ষণত এক ভয়ানক ধৰ্ষণকাণ্ডই জোকাৰি গৈছে গোলাঘাট জিলাৰ দেৰগাঁৱত । দেৰগাৱঁৰ বৰকাঠনি কমাৰ লাইনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । এটা লম্পটৰ বলি হ'ব লগীয়া হ'ল এগৰাকী নাবালিকা । তথ্য অনুসৰি, দেৰগাঁৱৰ বৰকাঠনি কমাৰ লাইনৰ ভুক্তভোগী নাবালিকা গৰাকী দেৰবাৰে সন্ধিয়া দোকানলৈ ওলাই গৈছিল । তাৰ পাছৰে পৰা নিৰুদ্দেশ হয় নাবালিকাগৰাকী ।
আৰু পঢ়িব পাৰিব :দৈনিক বাঢ়িছে কৰ’নাৰ সংক্ৰমণ :আক্ৰান্ত ১ লাখ ৬০ হাজাৰৰো অধিক
পৰিয়াল তথা গাঁওবাসীয়ে ওৰেনিশা বিছাৰি চলাথ কৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহৈ কাষ চাপে আৰক্ষীৰ । কিন্তু সোমবাৰে সন্ধিয়া এঘৰ লোকৰ ধানখেৰৰ মেজিত গুৰুতৰভাৱে অসুস্থ অৱস্থাত উদ্ধাৰ হয় নাবালিকাগৰাকী । লগে লগে গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত পোহৰলৈ আহে নাবালিকাক ধৰ্ষণ কৰাৰ কথা। নাবালিকাগৰাকীয়েও আৰক্ষীৰ আগত ব্যক্ত কৰে যে ২নং মলীয়া গাঁৱৰ গৌতম শৰ্মা ওৰফে পাপুলি নামৰ যুৱকজনে ধৰ্ষণ কৰাৰ কথা। ইয়াৰ পাছতে আজি দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী গৌতম ওৰফে পাপুলিক ।
আৰু পঢ়িব পাৰিব :হোজাইত কলংকিত ঘটনা : কিশোৰীক জাপি দিলে মাতৃত্বৰ বোজা
আৰক্ষীৰ জেৰাত অভিযুক্ত গৌতম শৰ্মাই স্বীকাৰ কৰিছে ধৰ্ষণ কৰাৰ কথা । ইফালে ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ দাবীত দেৰগাঁও থানাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় মহিলা সকলো । আটছাৰ বিষয়ববীয়া উপস্থিত হৈয়ো দোষীক কঠোৰ শাস্তিৰ দাবী জনায় । ইতিমধ্যে ধৰ্ষণকাৰী গৌতম শৰ্মাক জে’ল হাজোটলৈ প্ৰেৰণ কৰিছে দেৰগাঁও আৰক্ষীয়ে । গুৰুতৰভাৱে অসুস্থ ধৰ্ষিতা নাবালিকাগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে গোলাঘাট অসামৰিক চিকিৎসালয়ত।
Leave A Comment