Lifestyle
গুৱাহাটী : খানাপাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে চাহ জনগোষ্ঠীৰ নেতাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ চাহ জনগোষ্ঠীৰ বুদ্ধিজীৱী, শিক্ষাবিদ, ক্ৰীড়াবিদ, দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে এই বৈঠকত৷
চাহ জনগোষ্ঠী, আদিবাসী সমাজৰ বিকাশৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে৷ স্বাস্থ্য, শিক্ষা, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন দিশ সামৰি ৭ খন কমিতি গঠন কৰা হ'ব৷ কাজিৰঙাৰ জীৱ-জন্তুক বানৰ সময়ত ৰক্ষা কৰাৰ বাবে সকলোলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷
পৰাপক্ষত উজনি পৰা নামনিলৈ যাত্ৰা কৰোতে বা নামনিৰ পৰা উজনিলৈ যাত্ৰা কৰোতে উত্তৰ পাৰেৰে যাতায়াত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ৷ তেতিয়া কাজিৰঙাৰ জীৱ-জন্তু বহু পৰিমাণে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব৷ ইপিনে ১ ছেপ্তেম্বৰত স্বাস্থ্যমন্ত্ৰীয়ে নতুন SOP জাৰি কৰিব বুলিও জনায় মুখ্যমন্ত্ৰী শৰ্মাই।
Leave A Comment