• নামনি চিয়াং জিলা ঘোষণাক লৈ প্ৰতিবাদ : ২৪ ঘণ্টীয়া বন্ধ পালন

    আঞ্চলিক
    নামনি চিয়াং জিলা ঘোষণাক লৈ প্ৰতিবাদ : ২৪ ঘণ্টীয়া বন্ধ পালন

    ধেমাজি: অৰুণাচল প্ৰদেশৰ পূব-চিয়াং জিলা আৰু নামনি চিয়াং জিলা বিভক্ত হোৱাত অৰুণাচলৰ কৰাং অঞ্চলটোক অৰুণাচল চৰকাৰে পূব-চিয়াং জিলাৰ পৰা নামনি-চিয়াং জিলাত অন্তৰ্ভুক্ত কাৰিছে৷ উল্লেখ্য যে অৰুণাচলৰ কৰাং অঞ্চলটো পূৰ্বৰে পৰাই পূব-চিয়াং জিলাতেই অন্তৰ্ভুক্ত হৈ আছিল৷





    অৰুণাচল প্ৰদেশত নামনি-চিয়াং জিলা নতুনকৈ ঘোষণা হোৱাৰ পাছত চৰকাৰে কৰাং অঞ্চলটোক নামনি-চিয়াং জিলাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত আদী বা:নে কৌবাং যুৱ শাখা(ABKYW) আৰু অৰুণাচলৰ আদী ছাত্র সন্থাই (ADISU) আজি ২৪ ঘণ্টীয়া পূব-চিয়াং জিলা বন্ধ ঘোষণা কৰিছে৷ যদিহে অৰুণাচল চৰকাৰে উক্ত দাবী মানি নলয়, তেন্তে আগন্তুক সময়ত জংগী আন্দোলনৰ হুংকাৰ দিয়ে আদী বা:নে কৌবাং যুৱ শাখা(ABKYW) আৰু অৰুণাচলৰ আদী ছাত্র সন্থাই (ADISU)৷





    ইফালে আজিৰ পূব-চিয়াং জিলাৰ বন্ধৰ ফলত অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমা অন্তৰ্গত অসমৰ ঐৰামঘাট, কেমি, পুৰণাজেলম, চিৰুং লেকু গাঁওসমূহৰ লোকসকলৰ জোনাই সদৰলৈ আহিবলৈ যাতায়াতত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷