National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নাহৰকটীয়াঃ ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাসহ এটা সজাতি দল শুকুৰবাৰে সন্ধিয়া নামৰূপ সাৰ কাৰখানাত উপস্থিত হৈ উদ্যোগটো পৰ্যবেক্ষণ কৰে৷ ৬০ৰ দশকৰ পৰা ৰাসায়নিক সাৰ যোগান ধৰি দেশৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰি অহা এই উদ্যোগটোৰ বৰ্তমানৰ অৱস্থা একেবাৰে ৰুগ্ন৷ উদ্যোগটোৰ দ্বিতীয় গোটটোৰ ম্যাদ উকলি যোৱা যন্ত্ৰ-পাতিসমূহ বৰ্তমান কেইবাটাও দুৰ্ঘটনাৱশতঃ কাৰণত বন্ধ হৈ আছে। একেদৰে উদ্যোগটোৰ তৃতীয় গোটো মেৰামতিৰ বাবে বন্ধ হৈ বৰ্তমান উৎপাদন শূন্য হৈ আছে৷ উদ্যোগটো পৰিদৰ্শন কৰি ছাত্ৰ নেতাজনে কয় যে কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেহে নামৰূপ সাৰ কাৰখানাৰ বিষয়টো ৰাজনৈতিক নেতাসকলে ব্যৱহাৰ কৰি আহিছে৷
আজিৰেপৰা ১৫ বছৰৰ পূৰ্বে ২৬জুনত সেই সময়ৰ তদানীন্তন কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পাচোৱানে নামৰূপত উপস্থিত হৈ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সেয়া কামে-কাজে হৈ নুঠিল৷ কৃষি প্ৰধান ৰাজ্য অসমত অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ এই সাৰ উদ্যোগটো কোনো কাৰণত যদি কাগজ কলৰ দৰে বন্ধ হ’ব লগা হয় তেন্তে সমগ্ৰ ৰাজ্যৰ কৃষি অৰ্থনীতি ভাঙি পৰিব বুলি ছাত্ৰ নেতাজনে কয়৷
ইয়াৰ উপৰি ২০০৬ চনৰ ২৬ জুনত ঘোষণা কৰা নামৰূপ সাৰ কাৰখানা বৰ্তমান প্ৰহসনলৈ ৰূপান্তৰ হোৱাত আজিৰেপৰা আছুৱে ক’লা দিৱস হিচাপে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব৷
Leave A Comment